চামগুৰিত অবৈধভাৱে সৰবৰাহ কৰা গৰু ভৰ্তি ট্ৰাক জব্দ

প্ৰাগজ্যোতিষ বাৰ্তা, চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা, ২৮ মেঃ নগাওঁ জিলাৰ চামগুৰি আৰক্ষী থানাৰ অধীনৰ শিৱস্থান আৰক্ষী চকীৰ আৰক্ষীয়ে যোৱা নিশা অবৈধভাৱে সৰবৰাহ কৰা এখন গৰু ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়৷

ঘটনা সন্দৰ্ভত শিৱস্থান আৰক্ষী চকীৰ আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে, এএছ ০২ চি চি ৩২৪২ নম্বৰৰ ট্ৰাক খনত অসাধু গৰু ব্যৱসায়ীয়ে অবৈধভাৱে শিৱসাগৰৰ পৰা চামগুৰিলৈ বুলি সোতৰটা গৰু আৰু এটা ম’হ আনি থকা অৱস্থাত এক নং গৰুমৰা অঞ্চলৰ পথত শিৱস্থান আৰক্ষী চকীৰ এটা তহলদাৰি আৰক্ষী দলে ২৪ মে’ৰ নিশা প্ৰায় ১২-৩০ মান বজাত জব্দ কৰে৷

উল্লেখ্য যে ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ দেশজুৰি অব্যাহত থকা লকডাউনৰ সমান্তৰালভাৱে সন্ধিয়া সাত বজাৰ পৰা পুৱা সাত বজালৈ চলি থকা কাৰ্ফিউৰ মাজতে জন্তু কঢ়িওৱা কোনো ধৰণৰ অনুজ্ঞাপত্ৰ নথকা উক্ত গাড়ীখন শিৱসাগৰৰ পৰা নগাঁও জিলাৰ চামগুৰিত জব্দ হোৱা ঘটনাই সচেতন মহলৰ মাজত ৰহস্যৰ সৃষ্টি কৰিছে৷

আনহাতে যোৱা নিশা আৰক্ষী য়ে অবৈধভাৱে গৰু সৰবৰাহ কৰা গাড়ী জব্দ কৰে যদিও গাড়ীখনৰ চালক সহ অসাধু গৰু ব্যৱসায়ী পলায় যাবলৈ সক্ষম হয় বুলি আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিয়ে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here