চামগুৰি বৰজুৰিত চোৰাং কাঠ জব্দ

প্ৰাগজ্যোতিষ বাৰ্তা, চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা, ২৯ মেঃ নগাঁও জিলাৰ শালনা বনাঞ্চলিক কাৰ্যালয়ৰ এটা বন কৰ্মী দলে চামগুৰি সমষ্টিৰ বৰজুৰি অঞ্চলৰ সমীপত  অভিযান চলাই মূল্যবান চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয়৷

জানিব পৰা মতে, দেওবাৰে নিশা প্ৰায় ১১-৩০ মান বজাত নগাঁও কাৰ্বিআংলং সীমান্ত তথা পাৰ্কোপ বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ পাহাৰৰ পৰা চোৰাং কাঠ বেপাৰীয়ে মাকৈ শালৰ ফান্ট্ৰাসমূহ আনি বৰজুৰি সমীপত মজুত কৰি সৰবৰাহ কৰিবলৈ চেষ্টা কৰাৰ সময়তে শালনা বনাঞ্চলিক বিষয়া নেপাল মণ্ডলৰ নেতৃত্বত যোৱা এটা তহলদাৰি বন কৰ্মী দলে উক্ত চোৰাং কাঠ খিনি জব্দ কৰিবলৈ সক্ষম হয়৷

বৰজুৰি অঞ্চলৰ পৰা বন বিভাগে জব্দ কৰা চোৰাং মাকৈ শালৰ ৩০ টা ফান্ট্ৰা বৰ্তমান শালনা বন কাৰ্যালয়ত আছে বুলি বন বিভাগৰ এক সূত্ৰই জানিবলৈ দিয়াৰ লগতে উক্ত চোৰাং কাঠখিনিৰ বজাৰৰ মূল্য প্ৰায় ৩০ হাজাৰ টকাৰ হ’ব বুলি জানিবলৈ দিয়ে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here