প্ৰাগজ্যোতিষ বাৰ্তা, চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা, ৩০ মেঃ জিলাৰ শালনা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ উদমাৰী উপ খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত মালিবস্তিত ২৮ মে’ত এটা হৰিণা পহু উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত এক উৎকণ্ঠা সৃষ্টি কৰে৷
ঘটনা সন্দৰ্ভত জানিব পৰা মতে, উদমাৰী উপ-খণ্ডবন কাৰ্যালয়ৰ অন্তৰ্গত মালিবস্তিত আজি দূপৰীয়া এটা হৰিণা পহুৱে প্ৰৱেশ কৰাত স্থানীয় একাংশ লোকে উক্ত পহুটো আৱদ্ধ কৰি বন বিভাগক খবৰ দিয়ে৷
পৰৱৰ্তী সময়ত ঘটনাস্থলীত উদমাৰী উপ খণ্ড বন কাৰ্যালয়ৰ এটা বন কৰ্মী দল উপস্থিত হৈ উক্ত পহুটো উদ্ধাৰ কৰি চামগুৰি পশু চিকিৎসালয়লৈ আনে যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে কাজিৰঙালৈ নিয়াৰ অৱস্থাত সোনাৰিবালি পাওঁতেই পহুটোৰ মৃত্যু হয় ৷
পৰৱৰ্তী সময়ত উক্ত পহুটোৰ মৰণোত্তৰ পৰীক্ষাৰ অন্তত পুতি থোৱা হয় বুলি বন বিভাগৰ এক সূত্ৰই জানিবলৈ দিয়ে৷
Facebook Comments