উজানৰ মাছঃ এক পাশবিক তৃপ্তি আৰু_ সামাজিক তথা প্ৰাকৃতিক অপৰাধ

–ফনীধৰ ডেকা

 

 

 

(প্ৰাক্তন অধ্যক্ষ বৰভাগ কলেজ তথা বিশিষ্ট সমাজ কৰ্মী)

ল’ৰালিৰ পৰা যুৱ অৱস্থালৈ যিবিলাক বিষয়ে জীৱন প্ৰবাহত বিশেষ আমোদ দিছিল , সেইবোৰৰ ভিতৰত অন্যতম আছিল – বিভিন্ন পদ্ধতিৰে মাছ মৰা কাৰ্য্য ৷ চেপা, চোৰোহা , পল’, জুলুকি, জাল, বৰশী, শিয়নি, জাকৈ আদি ব্যৱহাৰ কৰি বাৰ মাহৰ বেলেগ বেলেগ সময়ত ন’ ন’ পদ্ধতিৰে মাছ ধৰাতো আছিল আমাৰ দৈনন্দিন জীৱনৰ এক অন্যতম অংগ৷

এইবোৰৰ ভিতৰত আটাইটকৈ ৰোমাঞ্চকৰ মাছমৰা বিষয়টো আছিল “উজান মৰা”৷ চতৰ শেষত বৰষুণ আৰম্ভ হোৱাৰ লগে লগে উজান মৰাৰ তৎপৰতা আৰম্ভ হয়৷ আতালৰ পৰা ৫ ডলীয়া পচা পাত নামি আহে , পল’টো থিক-থাক হৈ উঠে , তামোলৰ ঢকুৱাৰে দুখন পিঠা (বৰষুণৰ পৰা বাচিবলৈ ঢকুৱাৰে বনোৱা বিশেষ ছাতি) তৈয়াৰ হৈ উঠে ৷

এখন দেউতাৰ(উজান মৰাৰ বিশেষজ্ঞ হিচাপে পৰিচিত), আনখন মোৰ (দেউতাৰ সহায়কাৰী) ! নতুন পানী পাই , নোনা , বৰলীয়া নদী তথা শিঙিমাৰী বিলৰ পৰা উঠি অহা, বিভিন্ন নামৰ মাছ , বিশেষকৈ বৰালি–পচাৰে খুচি , পল’ৰে চবিয়াই ধৰি কিমানযে স্ফুৰ্তিত আত্মহাৰা হৈ পৰিছিলো! পচাৰ দীঘলীয়া নালৰ দুইমুৰে ৰাঘৱ বৰালি ভাৰ বান্ধি চোচৰাই লৈ যেতিয়া গাওঁ পাওঁহি , এনে ভাব হয়- যেন দিগ্বিজয় কৰিহে গাওঁ সোমাইছোহি!

জনা-বুজা হোৱাৰ পিছত এদিন উপলব্ধি কৰিব পাৰিলো যে “উজান”ৰ মাছ মৰাৰ আনন্দতো আছিল এটা পৈশাচিকতা! এটা বৰালিৰ নামত নৃশংসভাৱে হত্যা কৰিছিলো, কেইবা হেজাৰ বৰালি পোৱালি ৷ একোটি ” উজানৰ বৰালি”ৰ পৰা ওলোৱা একো চৰিয়া কণীযে আচলতে হেজাৰ/লক্ষ বৰালি পোৱালিৰ সমষ্টি আছিল সেয়া উপলব্ধি কৰি মইযে পৰৱৰ্তী সময়ত কিমান মানসিক অশান্তি ভুগিছো!
যোৱাতো শতিকাৰ শেষৰটো দশকৰ কথা ৷ চন তাৰিখ মনত নাই ৷

নলবাৰীৰ উপায়ুক্ত বীৰেন দত্ত ছাৰৰ আমন্ত্ৰণক্ৰমে DC officeত অনুষ্ঠিত এখন সভাত উপস্থিত আছিলো ৷ তাত Fishery departmentৰ বিষয়াবৰ্গওঁ উপস্থিত আছিল ৷ তেওঁলোকে বুজাই দিলে যে এপ্ৰিল/মে মাহ মাছৰ পোণা মেলাৰ সময় ৷ এই সময়ত মাছ মৰাতো আইন মতে দণ্ডনীয় ৷ তাৰ বাবে জেল জৰিমনাৰ ব্যৱস্থা আছে!

লগতে তেওঁলোকে এইটোও ব্যখ্যা কৰি উদাহৰণ হিচাপে দাঙি ধৰিলে যে এই সময়ত যদি এটি বৰালিয়ে পোণা দিব পাৰে, তেনেহ’লে পথাৰত কেইবা হেজাৰ বৰালিৰ জন্ম হ’ব ৷ গতিকে “উজান “মৰা বন্ধ কৰিব লাগে৷

ইতিমধ্যে এসময়ত কৰা এই অপকৰ্মটোৰ কাৰণে মই অনুতপ্ত হৈ আছিলো ৷ এতিয়া যেন প্ৰায়চিত্তৰ সময় ! মই দেহেকেহে লাগি , আইনৰ ভয় দেখুৱাই মোৰ অঞ্চলত “উজান মৰা” বন্ধ কৰালো৷ দেখিলো সেই বছৰত পথাৰত বৰালিকে ধৰি মাছেই মাছ ভৰি পৰিল!

পলমকৈ অহা বৰষুণৰ ফলত এই সময়ত অসমৰ প্ৰায়বোৰ ঠাইতে পথাৰ পানীৰে ভৰি পৰিছে ৷ ফলত মাছৰো ” উজান” উঠিছে৷ লগে লগে এচামৰ পচা,টৰ্চ, দাৰ লগতে , কাৱৈ লাঙি, পুঠি লাঙি, ফাচি লাঙি আদি জালবোৰ সক্ৰিয় হৈ উঠিছে! একো জোগাৰ নোহোৱা বোৰে হাত দুখনকে ব্যৱহাৰ কৰিছে ৷ মুঠতে “উজানৰ মাছ”মৰাৰ আনন্দ ((!) ল’ব লাগে৷ বিভিন্ন TV channels বোৰেওঁ এই স্ফুৰ্তি(?) Highlight কৰি বাতৰি প্ৰচাৰ কৰিছে!
পিছে মহাশয়সকল , এয়া বাৰু আপোনালোকে কি কৰি আছে জানেনে ? এয়া এক সামাজিক, নৈতিক, আৰু প্ৰাকৃতিক অপৰাধ – যাৰ বিৰুদ্ধে ভাৰতত কঠোৰ আইনো আছে ৷

আমি নিজেই এবাৰ ভাবি চাওঁচোন – কি কৰিছো আমি ৷ ঋতু মত্ত মাছখিনি মাৰি আমি মহাপাপ কৰা নাইনে ? মাছ আমাৰ খাদ্য বুলি ধৰি লৈয়ো এই সময়খিনি আমি খেতিৰ মাছ(বিভিন্ন কাপ্‌জাতীয়) ব্যৱহাৰ কৰি স্থানীয় এই মাছখিনিক ৰেহাই দিব নোৱাৰোনে ?? ডাঙৰ কথাটো হ’ল, সিহঁতে পোনা মেলিবলৈ উঠি আহিছে আৰু আমি হাজাৰ হাজাৰ সাম্ভাৱ্য পোনাৰ উৎসটোৱে মষিমূৰ কৰিছো! ইতিমধ্যে চেলকনা, বৰদৈয়া, চন্দাকে ধৰি কিমানযে স্থানীয় মাছ সংগ্ৰহালয়ত সোমাল ; এই হাৰত “উজান মাৰি” থাকিলে স্থানীয় মাছৰ বংশ ৰ’বগৈনে?

সকলোলৈকে মোৰ সনিৰ্বন্ধ অনুৰোধ , আহক , আমি “উজান মৰা”ৰ আসুৰিক তৃপ্তি পৰিহাৰ কৰি স্থানীয় মাছৰ বংশবৃদ্ধিত সহায় কৰো – ছপা মাধ্যম, বৈদ্যুতিক মাধ্যম, চৰকাৰ- ৰাইজ মিলি এই বিষয়ত জনমত গঠন কৰি , আমাৰ কল্যাণাৰ্থে প্ৰকৃতিক সহায় কৰো ৷

নহ’লে আমাৰ নাতি- পুতিলৈ স্থানীয় মাছৰ নামত দেখুৱাবলৈ Museum ত কেইখনমান ছবিহে অৱশিষ্ট থাকিবগৈ নে ?

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here