শিৱসাগৰত লক ডাউনৰ সময়ত Mr India বিজিৎ গগৈৰ সাংবাদিকৰ মাজত খাদ্য সামগ্ৰীৰ লগতে ছেনিটাইজাৰ বিতৰণ

প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰৰ পৰা মুকুল বাইলুং, ২৯ মেঃ ক’ৰ’ণা ভাইৰাছে সমগ্র বিশ্বতে আতংক অব্যাহত ৰখাৰ সময়ত নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি অহৰ্নিশে ৰাইজৰ বাবে বাতৰি পৰিবেশন কৰি অহা সাংবাদিক সকলৰ মাজত ছেনিটাইজাৰ লগতে কিছু পৰিমানৰ খাদ্য সামগ্ৰী বিতৰণ কৰা পৰিলক্ষিত হয় Mr India বিজিৎ গগৈয়ে।

বিজিৎ গগৈ ফ্ৰেণ্ড ক্লাৱ আৰু দীনদয়াল উজনি ভৱন তৰফৰ পৰা মাধুৰ্য্য বৰগোহাঁই বিজেপি জিলা বিষয়া লগতে মানস বৰপাত্ৰগোহাঁই সহ কেইবাজনো কৰ্মকৰ্তা শিৱসাগৰ জিলাৰ হাঁহচৰা প্ৰেছ ক্লাৱত উপস্থিত হৈ হাঁহচৰা প্ৰেছ ক্লাৱৰ উপদেষ্টা, সভাপতি, সম্পাদক আৰু সাংবাদিক সকলৰ মাজত এইসমূহ সামগ্ৰী বিতৰণ কৰে। 

লগতে Mr India বিজিৎ গগৈয়ে সাংবাদিকসকলক কোনো কাৰণতে লঘোণে নাথাকি নিজ কৰ্মত ব্ৰতী হৈ থাকিবলৈ অনুৰোধ কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here