২০ বছৰীয়া সন্তোষ বৰা, বহু প্ৰতিকূলতা, দিল্লীৰ ফুটপাথ আৰু সৰ্বানন্দ সোণোৱালৰ তৎপৰতা

প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মা, ২৫মেঃ বৰ্তমান পৰিস্থিতিত অসমৰ বাহিৰত থকা বহু অসমীয়া যুৱক-যুৱতীয়ে ঘৰলৈ আহিবলৈ উৎকণ্ঠিত হৈ আছে।

তেনে এজন অসমীয়া যুৱক সন্তোষ বৰাই পঞ্জাৱৰ অমৃতসৰৰ এটা ফেক্টৰী আৰু এখন ফাৰ্মত পাৰ্ট-টাইম কাম কৰিছিল, যদিও লকডাউন আৰম্ভ হোৱাত মালিকপক্ষই আৰু কামলৈ আহিব নালাগে বুলি ক’লে সন্তোষক।

হঠাতে এইদৰে ঘটা ঘটনাত সন্তোষে কি কৰিম, ঘৰলৈ কেনেকৈ যাম ভাৱি-গুণি অস্থিৰ হৈ পৰিল। অৱশেষত কোনো পইচা-পাতি নোহোৱাকৈ তেওঁ খোজকাঢ়িয়েই যাত্ৰা আৰম্ভ কৰিলে।

লঘোনে-ভোকে বহু প্ৰতিকূলতা নেওচি সন্তোষে তেনেদৰেই কিবা কৰি নতুন দিল্লী আহি পালেহি আৰু ৰে’ল ষ্টেচনৰ বাহিৰৰ ফুটপাথত অৱশ হৈ পৰিল।

ইমান দূৰ ৰাস্তা তেনেকৈ আহোঁতে মানসিকভাৱেও  ভাৰাক্ৰান্ত হৈ পৰিছিল সন্তোষ। আনকি গুৱাহাটীলৈ ঘূৰি অহাৰ বাবে ৰে’লৰ এটা টিকট কিনিবলৈও পইচা নাছিল সন্তোষৰ।

অৱশেষত সমগ্র বিষয়টো কেনেবাকৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাণত পৰিল আৰু লগে-লগেই দিল্লীৰ অসম ভৱনক এই ক্ষেত্ৰত যোগাযোগ কৰি ল’ৰাজনৰ বাবে যাৱতীয় সকলো ব্যৱস্থা কৰিবলৈ ক’লে। সৰ্বানন্দ সোণোৱালৰ তৎপৰতাত এতিয়া ল’ৰাজন সুস্থিৰ আৰু সুকলমে আছে।

সৰ্বানন্দ সোণোৱাল আৰু দিল্লীৰ অসম ভৱনৰ বিষয়া তথা কৰ্তৃপক্ষই এজন অসমীয়া সন্তানৰ অৱস্থাৰ কথা গম পায়েই যি উদ্যোগ গ্ৰহণ কৰিলে, এয়া প্ৰকৃত মানৱীয় প্ৰমূল্যবোধৰ পৰিচয়।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here