লকডাউনে’ দিশহাৰা কৰিলে পশ্চিম বংগৰ মায়া দেকঃ পেঞ্চনৰ ধন নিবলৈ আহি অসমত আবদ্ধঃ অৱশেষত সহায়ৰ হাত আগবঢ়লে ৰাজীব দাসেঃ প্ৰয়োজন প্ৰশাসনৰ সহযোগ

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনোজ ডেকা, ১ জুনঃ ক’ৰ’ণা ভাইৰাছে অকল ৰোগে সংক্ৰমণেই কৰা নাই৷ বিশ্ববাসীৰ মাজত আতংকৰ সৃষ্টি কৰাৰ অন্য এটা নাম ক’ৰ’ণা ভাইৰাছ ৷

এই ভাইৰাছ বিধে মানুহক শাৰীৰিক দিশৰ লগতে সামজিক’ অৰ্থনৈতিক দিশতো আক্ৰমণ কৰিছে ৷ইয়াৰ লগতে যাতায়ত ব্যৱস্থাত পেলাইছে বিশেষ প্ৰভাব৷ যাৰ বাবে এচাম জনসাধাৰণে বিভিন্ন কামত নিজ ৰাজ্যৰ পৰা অন্য ৰাজ্যলৈ গৈ মাহৰ পিছত মাহ ধৰি আবদ্ধ হৈ থাকিবলগীয়া হৈছে৷

তেনে এক ঘটনা মহানগৰীৰ পল্টনবজাৰত সংঘটিত হৈছে৷ পশ্চিম বংগৰ ঘুগুলী জিলাৰ মায়া দে নামৰ (৬০) বছৰৰ বয়সৰ এগৰাকী বৃদ্ধাই স্বামী স্বৰ্গীয়
সুকুমাৰ দে’ৰ চৰকাৰী পেঞ্চনৰ ধন নিবলৈ আহি বিগত দুমাহ অসমত আবদ্ধ হৈ থাকে৷

অতি দুখৰ বিষয় যে মহিলা গৰাকীয়ে ২০ মাৰ্চ তাৰিখে মহানগৰীৰ মালিগাৱৰ উত্তৰ পূৱ ৰে’লৱে সীমান্তৰ কাৰ্য্যলয়ৈ স্বামীৰ পেঞ্চনৰ ধন সংগ্ৰহ কৰিবলৈ আহিছিল৷

২৪ মাৰ্চ তাৰিখে নিজ ৰাজ্য পশ্চিম বংগলৈ উভতি যোৱাৰ কথা আছিল৷ সেই সময়ত ক’ৰ’ণাৰ ত্ৰাসে সমগ্ৰ দেশত লকডাউন প্ৰযোজ্য কৰিবলৈ বাধ্য কৰালে৷

সেইবাবেই মায়া দেই নিজ ৰাজ্যলৈ উভতি যাব নোৱাৰি কামেখ্যা ৰে’লৱে ষ্টচনত দুটি নিশা কটালে৷

জানিব পৰা মতে, পিছদিনা কলিকতাতলৈ বুলি এখন ৰে’লত উঠিল৷ কিন্তু মানুহগৰাকীক দুখে এৰা নিদিয়াৰ বাবেই হয়তো তেওঁ গৈ ডিব্ৰুগড় পালেগৈ৷

উপায়ন্তৰ হৈ দুটি নিশা ডিব্ৰুগড় ষ্টেচনত কটাই প্ৰত্যক্ষদৰ্শী এচাম ব্যক্তিৰ সহযোগত পুনৰ ৰে’লযোগে গুৱাহাটী উপস্থিত হয়৷

পল্টনবজাৰ ৰে’লৱে ষ্টেচনত নমাৰ পিছত মানুহগৰাকীয়ে কি কৰিব ভাবিবই পৰা নাছিল৷কিয়নো ষ্টেচনত প্ৰশাসন তথা ৰে’ল বিভাগৰ পৰা তাত থাকিবলৈ দিয়া নাছিল৷

উপায়ন্তৰ হৈ বৃদ্ধা মহিলাগৰাকীয়ে মেঘদূত চিনেমা হলৰ সমীপৰ এটি পান্জাব নেচনেল বেংকৰ এটিএমত আশ্ৰয় স্হলী হিচাপে থাকিবলৈ ল’লে৷ মানুহগৰাকীৰো খোৱা বোৱাৰ যঠেষ্ট অসুবিধা হৈছিল৷

তাৰ মাজতে এচাম সংগঠন তথা সামাজিক অনুষ্ঠান- প্ৰতিষ্ঠানে কিছু খাদ্য সামগ্ৰী যোগান ধৰাৰ ফলত কিছু সকাহ পাইছিল। এনেদৰে প্ৰায় এমাহ ধৰি সেই এটিএমটোৱে আশ্ৰয় স্হলী হৈছিল মায়া দেৰ৷

কিন্তু ক্ৰমন্নয়ে যেন মহিলাগৰাকীৰ ভাগ্য কিছু ভালৰ পিনে আহিছে৷ কিয়নো সেই সময়ত যুৱ ব্যৱসায়ী তথা সমাজকৰ্মী ৰাজীব দাসে ঘটনাটো প্ৰতেক্ষ কৰিলে৷

পিছত দাসে মহিলাগৰাকীক নিজৰ ফ্লেটৰ তলত আশ্ৰয়স্থল হিচাপে থাকিবলৈ দিয়ে৷ বিগত ১৫ দিন ধৰি ৰাজীৱ দাসৰ বন্ধু বৰ্গই মহিলা গৰাকীক চোৱাচিতা কৰি আছে৷

খাদ্য সামগ্ৰীৰ লগতে অন্যান্য সমগ্ৰীসমূহ সমানে যোগান ধৰাৰ কথা জানিব পৰা গৈছে৷ এইক্ষেত্ৰত যুৱ ব্যৱসায়ী ৰাজীব দাসে কয় যে লকডাউন অন্ত পৰাৰ পিছত ৰে’লযোগে মহিলাগৰাকীক পশ্চিম বংগলৈ যোৱাৰ ব্যৱস্থা কৰা হ’ব৷

ইয়াৰ বাবে জিলা প্ৰশাসন তথা ৰাজ্য চৰকাৰৰ কিছু সহযোগিতাৰ প্ৰয়োজন৷ কিয়নো মহিলা গৰাকীক পশ্চিম বংগলৈ পঠাই দিয়াৰ পিছত নিজ বাসগৃহলৈ যোৱাৰ বাবে পশ্চিম বংগৰ প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন৷

এইক্ষেত্ৰত মহানগৰ জিলা প্ৰশাসনে পশ্চিম বংগৰ প্ৰশাসনক অৱগত কৰিলে নিশ্চয় উচিত পদক্ষেপ ল’ব বুলি দাসে উল্লেখ কৰে৷

উল্লেখ্য যে মায়া দে নামৰ মহিলাগৰাকীৰ সতী সন্তান নাই৷ তেওঁ অকলশৰীয়া হোৱা বাবেই এনেকৈ আবদ্ধ হৈ থাকিব লগা হৈছে বুলি মহিলাগৰাকীয়ে উল্লেখ কৰে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here