ওড়িশাৰ ক্ৰাফ্ট ভিলেজ ৰঘুৰাজপুৰত এভুমূকি

                                                            নিৰ্মালী মহন্ত

                                                          ভূৱনেশ্ৱৰ, ওড়িশা

নৰ অন্তঃকৰণৰ সুন্দৰ প্ৰস্তুতিয়েই হৈছে কলা। কলা সেই কাৰ্য্যতেই থাকে যি মানুহৰ দ্বাৰা কৰা যায়। ই এক কৃত্ৰিম নিৰ্মাণ য’ত শাৰিৰীক আৰু মানসিক কৌশল প্ৰয়োগ কৰা হয়।

সৃজনশীল মনেৰে নিজৰ কল্পনাক এক সুন্দৰ ৰূপত কৰা সৃষ্টীয়ে হৈছে কলা। আমাৰ প্ৰতিজন মানুহৰে মাজত একোজন শিল্পকাৰ বা কলাকাৰ লুকাই থাকে। ভিতৰত থকা এই শিল্পীজনে আমাক বাৰে বাৰে আমি সন্তুষ্টি পোৱা কামক কৰিবলৈ উৎসাহ যোগাই, যদিও আগতে এই কথাষাৰক গুৰুত্ব দিয়া নাছিলো, কিন্তু ওড়িশাৰ ৰঘূৰাজপুৰ গাওঁখনলৈ গৈ ইয়াৰ প্ৰমাণ নিজ চকুৰে দেখিবলৈ পাইছিলো।

চুকে কোণে থকা প্ৰতিটো ঘৰেই নিজৰ নিৰ্দিষ্ট কলাকলৈ গৌৰৱেৰে মূৰ দাঙি ৰৈ আছে। ক’ৰবাত যদি শিল খোদোৱাৰ শব্দ শুনিবলৈ পোৱা যায়, ক’ৰবাত জুনুকাৰ মাত। সুন্দৰ ৰঙেৰে কানোবাই ঘৰৰ দেৱালত ধৰ্মীয় উপাখ্যানসমূহ যদি অংকিত কৰি ৰাখিছে, কোনোবাই ওলমাই ৰাখিছে ৰং বিৰঙী কাগজৰ মুখাবোৰ। এইয়াই হৈছে ২০০০ চনত ঘোষণা কৰা Haritage Craft Village ৰঘূৰাজপুৰ।

কোৱা যায় এই গাওঁখনত বিভিন্ন শিল্প কলাৰ লগতে বহু পুৰণি নৃত্য কলাও জীয়াই আছে। মোৰ গাড়ী লাহেকে পুৰী বাইপাছৰ পৰা ফালৰি কাটি চন্দনপুৰ অভিমুখে আগবাঢ়িছিল। নাৰিকলৰ গছেৰে ভৰি থকা এখন গাওঁ। মথাউৰিৰ ওপৰেদি গৈ থাকোতে দেখিলো, সৰু নদীখনৰ সিটো পাৰে শাৰী পাতি ধোবা ঘাটবোৰ আৰু এইটো পাৰে ধোৱা ঘৰ য’ত মসৃণকৈ মাৰ দি দ’মাই থোৱা আছিলে বগা কাপোৰবোৰ।

কিছুদূৰ গৈয়ে এটা কেঁকুৰী পাইছিলো য’ত কাঁড় চিহ্নৰ সৈতে এখন ফলকত লিখা আছিলে ” RAGHURAJPUR (HERITAGE VILLAGE ) ” ।

হাতৰ পৰশেৰে সৰু তামোলৰ পৰা নাৰিকলৰ বাকলিকো ন ন ৰূপত পৰিবেশন কৰে এই ঠাইৰ গাঁওবাসীয়ে।ৰঘূৰাজপুৰ সোমায়েই মন কৰিছিলো গাওঁখনৰ সোঁমাজত ব্যৱধান এৰি সৰু সৰু মন্দিৰৰ লানি আৰু সেই মন্দিৰৰ দুয়ো পাৰে মূখামূখিকৈ থকা শিল্পকাৰসকলৰ ঘৰবোৰ।কোৱা যায় ইয়ো এই পুৰণি গাওঁখনৰ এক বৈশিষ্ট।এই গাওঁ দৰ্শন কৰিবলৈ অহা যিকোনো লোকেই মুকলি মূৰীয়াকৈ প্ৰতিখন ঘৰলৈ গৈ তেওঁলোকৰ নিৰ্দিষ্ট কলাক অধ্যয়ন আৰু জানিব বিচৰা সকলো তথ্যই গাওবাসীৰ পৰা সংগ্ৰহ কৰিব পৰে। 

দুখোজ মান আগবাঢ়োতেই মোৰ চকুত পৰিল মানুহ এজনে ঘৰৰ বাহিৰতে বহি নাৰিকলৰ বাকলি বোৰ এৰুৱাই নিমিসতে টোকোৰা চৰাইৰ বাঁহ সাজি আছিলে।ওড়িশাত টোকোৰা চৰাইৰ বাহক বায়াবাস বুলি কয়।মোৰ চকুৰ আগতে নাৰিকলৰ বাকলিৰ পৰা কেইবাটাও বাঁহ সাজি উলিয়ালে।

কেইবা পুৰুষৰ পৰা তেওঁৰ পৰিয়ালত চলি অহা এই কলা সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে নাৰিকল উ९পাদনৰ ওপৰত। সমূদ্ৰৰ উপকূলীয় অঞ্চল হোৱাৰ বাবে ঘূৰ্ণী বতাহৰ আশংকা সদায়ে থাকে। ২০১৯ চনৰ ছুপাৰ চাইক্ল’ন “ফণীয়ে” ওড়িশাত বহুতো অনিষ্ট কৰিছিল।সেয়ে চৰকাৰৰ আগজাননি পোৱাৰ লগে লগে তেওঁলোকে আগতীয়াকৈ । সকলো নাৰিকল পাৰি থৈ দিব লগা হৈছিল।

পলকতে টোকোৰা চৰাইৰ বাঁহ সাজি থকা শ্ৰীযুত প্ৰচন্ন নায়ক নামৰ শিল্পীজনে নিজৰ কামত ইমানেই মগ্ন আছিলে,উপায়হীন হৈ মোক নিজেই তেওঁ তৈয়াৰী কৰা অন্য সামগ্ৰীসমূহ চাই আহিবলৈ অনুৰোধ কৰিলে। Coir craft ৰঘূৰাজপুৰৰ অান হস্তশিল্প সমূহৰ ভিতৰত এবিধ চিনাকী শিল্প তেওঁৰ সেই সৰু ঘৰটোৰ ভিতৰত সোমাই দেখিলো তাত হাতী, ঘোৰা, হৰিণ আদি জীৱ জন্তুৰ বাহিৰেও সুন্দৰকৈ গছ, ঘৰ নাৰিকলৰ বাকলিৰে তৈয়াৰ কৰি থোৱা আছিলে৷

শ্ৰীযুত নায়কৰ ঘৰৰ পৰা ওলাই অলপ আগুৱাই আহিলো।মই মন কৰিছো, মূখা আমাৰ সমাজৰ এক অবিচ্ছেদ্য অংগ।মূখাৰ যোগেদি আমি সমাজৰ বিভিন্ন চৰিত্ৰক সময়ে সময়ে প্ৰকাশ কৰি আহিছো। সেইয়া মাজুলীৰ মূখাই হওক বা অন্য কোনো দেশৰ।ৰঘূৰাজপুৰত যেন আকৌ সেই মাজুলীৰ চামগুৰি সত্ৰৰ ছবিখনকেই দেখিবলৈ পালো।ঘৰ এটাৰ বাহিৰত কিছুমান মুখা ওলমাই থোৱা আছিলে৷

মনতে ভাবিলো কিবা সাদৃশ্য বিচাৰি পামনে দুয়োখন ঠাইৰ মূখাৰ মাজত।তাকে বিচাৰি সোমাই গ’লো সেই ঘৰখনলৈ।মোক সোমাই অহা দেখি শ্ৰীযুতা শাস্মিতা মহাৰাণাই হাঁহি মুখে সম্ভাষণ জনাই ভিতৰলৈ আদৰি নিলে৷

তেওঁৰ পৰাই  জানিব পাৰিলো যে এই মূখা সমূহত ব্যৱহাৰ কৰা সকলো ৰঙেই প্ৰাকৃতিক ভাৱে প্ৰস্তুত কৰে, যেনেকৈ আমাৰ চামগুৰি সত্ৰৰ মুখাসমূহত ব্যৱহাৰ কৰা হয়।পাৰ্থক্য এইখিনিতেই যে ইয়াত মুখাবোৰ কাগজেৰে তৈয়াৰ কৰা হয়।প্ৰতিটো মুখাৰে নিজা সাঁচ থাকে। প্ৰথমে টেটেলীৰ গুটিক ঠেতেলীয়াই ভাতৰ মাৰৰ লগত সিজাই প্ৰস্তুত কৰা এবিধ আঠাৰ সহায়েৰে সৰু সৰু কৈ ফালি লোৱা পাতল আৰু ডাঠ কাগজৰ টুকুৰাবোৰক সেই সাঁচৰ ভিতৰত ভালকৈ লগাই দিয়া হয়।শুকাই যোৱা মাত্ৰকেই আকৃতি লৈ উঠা সেই কাগজৰ মুখাবোৰক উলিয়াই আনি তাৰ ওপৰত কেঁচা মাটি আৰু গোবৰ মিহলি কৰি তাৰে মিহিকৈ এক লেপন দিয়া হয়৷

পুনৰ বাৰলৈ কাগজৰ টুকুৰাক পূৰ্বে তৈয়াৰী আঠাৰে তাৰ ওপৰত লগাই মুখাৰ মজবুতি অটুত ৰাখিবলৈ চেষ্টা কৰা হয়।এই গোটেইখিনি হৈ যোৱাৰ পিচত চকৰ গুৰিক সেই আঠাৰ লগত মিহলাই শেষবাৰলৈ এক প্ৰলেপ দিয়া হয়।ভালদৰে শুকোৱাৰ পিচত যেতিয়া মূখাই নিজৰ সম্পূৰ্ণ আকৃতি লৈ উঠে, তেতিয়া তাৰ ওপৰত জৈৱিক পদাৰ্থৰ পৰা ওলোৱা ৰং যেনে চূণশিলৰ পৰা বগা ৰঙ, কাজলৰ পৰা কলা ৰঙ আদিৰে অংকন কৰি শেষ ৰূপ দিয়া হয়।ইমান সহজ পদ্ধতি দেখি মন গৈছিলে নিজৰ হাতেৰে কেইটামান তৈয়াৰ কৰিবলৈ।মাজুলীৰ চামগুৰি সত্ৰৰ সংগীত কলা কেন্দ্ৰতো বহুতো বিদেশী পৰ্য্যতকে আহি মুখা হাতেৰে বনাই থৈ যোৱা দেখিবলৈ পাইছিলো।আজিও মানুহৰ ঘৰত আমাৰ পাৰম্পৰিক শিল্পসমূহ সজাই থোৱা দেখিলে মনতো এনেই ভাল লাগি যায়৷

ৰঘূৰাজপুৰ গাওঁখন বিভিন্ন শিল্পৰ ভাণ্ডাৰ আছিল।হাতত কেমেৰাটোলৈ দুখোজ মান আগুৱাই গৈয়েই দেখিলো নিম গছৰ কাঠেৰে তৈয়াৰী জগন্নাথ, বলভদ্ৰ আৰু শুভদ্ৰাৰ হাতৰ মুঠিতে লব পৰা সুক্ষ্ম মূৰ্তিৰ পৰা বৃহত আকাৰৰ মূৰ্তিলৈকে শাৰী পাতি থোৱা আছিলে৷

নিম গছৰ গুৰুত্ব ওড়িশাত খুবেই বেছি।প্ৰতি ১৪ৰ পৰা ১৮ বছৰৰ মূৰে মূৰে পুৰীৰ মন্দিৰত প্ৰভূ জগন্নাথে তেওঁৰ দুই ভাই ভগ্নীৰ সৈতে নিজৰ দেহ ত্যাগ কৰি বৈকুণ্ঠলৈ গমন কৰে।সেই সময়ত সপোনত দেখুৱা নিৰ্দেশ অনুসৰি নতুন দেহ তৈয়াৰ কৰিবলৈ নিম গছৰ সন্ধান কৰা হয়।যিডাল নিম গছৰ ওচৰত নদী আৰু শ্মশান থাকিব,য’ত বগা নাগৰ বাসস্থান হব, য’ত ফেচাৰ বাহিৰে অন্য কোনো চৰাই চিৰিকতিৰ বাহ নাথাকিব, সেই নিম গছৰ কাঠকেই প্ৰভূ জগন্নাথৰ নতুনকৈ মূৰ্তি তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰে।তাক কোৱা হয় নৱকলেৱৰ অৰ্থা९ নৱজন্ম।নৱকলেৱৰত পূৰ্বৰ মূৰ্তিৰ পৰা নকৈ তৈয়াৰী তিনিও জনৰ মূৰ্তিলৈ বিধি অনুযায়ী মধ্যৰাত্ৰি আত্মাৰ স্থানান্তৰ কৰা যায় আৰু ইয়াৰ পিচত পুৰণি মূৰ্তিক সসন্মানেৰে পাতালি কৰা হয়।কোৱা যায় শ্ৰীকৃষ্ঞৰ যেতিয়া ব্যাধৰ শৰত মৃত্যু হয়, তেতিয়া তেওঁৰ আত্মা বা শক্তিক ব্যাধে আনি নিজৰ ঘৰত সৰুকৈ মন্দিৰ প্ৰতিষ্ঠা কৰি দৈনিক পূজা অৰ্চনা কৰিছিল, যি আজিও ওড়িশাৰ নয়াগড় জিলাৰ কনটিল’ত নীলমাধৱ মন্দিৰ নামেৰে অৱস্থিত।পিচত ১২ শতিকাত জগন্নাথ মন্দিৰৰ প্ৰতিষ্ঠাৰ সময়ত সাগৰত ভাহি অহা নিম গছৰ কাঠৰ পৰা তেওঁৰ মূৰ্তি তৈয়াৰ কৰি সেই শক্তি বা আত্মাক তান্ত্ৰিক বিধিৰে আনি তাত প্ৰাণ প্ৰতিষ্ঠা কৰা হয়। সেয়ে ওড়িশাত ঘৰৰ মন্দিৰত নিম গছেৰে তৈয়াৰী জগন্নাথ,বলভদ্ৰ আৰু শুভদ্ৰাৰ মূৰ্তিক হে প্ৰতিষ্ঠা কৰা যায়৷

শিল্পকাৰৰ সৃষ্টীশীল মন সদায় মুক্ত বিহঙ্গৰ দৰে।নতুন নতুন সৃষ্টীয়েই হৈছে তেওঁৰ একমাত্ৰ আকাংক্ষা।সেয়ে হয়তো জগদিশ নায়কৰ হাতত শিলৰ মাজতো দূৰ্গাই মহীশাসুৰক বধ কৰাৰ দৃশ্য চকুৰ আগত ফুটাই তোলা দেখিবলৈ পাইছিলো ৷

 মানুহজনে একান্ত মনে নিজৰ ঘৰৰ বাৰাণ্ডাত বহি টিক্ টিক্ শব্দ কৰি নিজৰ কল্পনাক এটি ৰূপ দিয়াৰ প্ৰয়াসতেই যেন মগ্ন আছিলে।নিজৰ নিজৰ কলাকলৈয়ে সকলো ব্যস্ত। কোনেও ব্যৱসায়িক মনোভাৱ এটালৈ মোৰ ওচৰলৈ আগবাঢ়ি অহা নাছিলে৷

কোনেও এবাৰলৈও জোৰ নকৰিলে তেওঁলোকৰ হাতেৰে তৈয়াৰী সামগ্ৰীক মোৰ হাতত গুজি দি দুই পইছা অৰ্জন কৰাৰ চেষ্টা।ইচ্ছা মাত্ৰ কঠোৰ পৰিশ্ৰমেৰে তৈয়াৰ কৰি উলিৱা নিজৰ হাতৰ বিশিষ্ট কলাৰ সততাৰে কিছু প্ৰসংশা আৰু অকনমান সন্মান পোৱাৰ৷

জীয়াই থাকিবলৈ আমাক উৰ্জাৰ দৰকাৰ আৰু এই উৰ্জা আমি পাও আমাৰ মাজত লুকাই থকা শিল্পকাৰ জনৰ পৰা, যিয়ে আমাক নিজৰ কাৰণেও জীয়াই থাকিবলৈ শিকায়।আমাৰ মাজলৈ শক্তিৰ সৰৱৰাহ কৰে।ৰঘূৰাজপুৰলৈ আহি মই মন কৰিছিলো, ইয়াৰ লোকসকলে নিজৰ সৃজনশীল চিন্তাক এক পৰিসীমাৰ ভিতৰতেই সিমিত কৰি ৰখা নাছিলে।স্থাপত্য কলা, মূৰ্তি কলা, চিত্ৰ কলা,সংগীত কলা,কাব্য কলা, নৃত্য কলা,ৰংগমঞ্চ কলা আদি সকলো দিশতেই নিজকে উদ্ভাসিত কৰি তুলিছে।এই সকলোৰে ভিতৰত বিশ্বযুৰি  অধিক প্ৰসিদ্ধি লাভ কৰিছে ইয়াৰ চিত্ৰকলা আৰু নৃত্যকলাই। ৰঘূৰাজপুৰ পাটচিত্ৰ আৰু গ’তিপুৱ নৃত্যৰ বাবেই বিশেষ ভাৱে প্ৰখ্যাত৷

হাজাৰ বছৰ পুৰণি চিত্ৰকলা পাটচিত্ৰ সেই ঠাইৰ প্ৰতিজন ব্যক্তিয়ে কেইবা পুৰুষৰ পৰা আজিলৈকে কঢ়িয়াই আনিছে।বিভিন্ন শিল্প কলাৰে ভৰপূৰ এই গাওঁ পৃথিৱীজুৰি পাটচিত্ৰৰ ওপৰত থকা নিপুণতাৰ বাবেই প্ৰখ্যাত৷

পূৰ্ব-পুৰুষৰ পৰা চলি অহা এই চিত্ৰ সম্পূৰ্ণ ৰূপে প্ৰকৃতিৰ পৰা পোৱা উপাদান সমূহৰ পৰাই তৈয়াৰ কৰা হয় আৰু ইয়াক কপাহী কাপোৰৰ ওপৰত অংকন কৰা হয়।দৰাচলতে ওড়িয়া ভাষাত পাট মানে কাপোৰ অৰ্থা९ কাপোৰৰ ওপৰত অকা চিত্ৰ।এই বিধ চিত্ৰকলাৰ এক সুকীয়া শৈলী আছে।ওড়িশাত পাঁচ শতিকাৰ এই কলাই পাতনি মেলে ভাস্কৰ্য্য কলাৰ পিচৰ পৰা। সূৰ্য্য মন্দিৰ, জগন্নাথ মন্দিৰৰ পাথৰৰ ওপৰত কৰা মূৰ্তি সমূহৰ হুবহু চিত্ৰ, পাটচিত্ৰত আমি দেখিবলৈ পাওঁ।পাৰম্পৰিক পাটচিত্ৰত ধৰ্মীয় আখ্যান সমূহৰ বৰ্ণনা কৰা হয়।হিন্দু ধৰ্মৰ দেৱ দেৱীৰ চিত্ৰত তেওঁলোকৰ বিশেষ ৰঙেৰে সজোৱা হয়। কোৱা যায় প্ৰতিবিধ ৰঙে একোতা অৰ্থ বহন কৰে।সেয়ে এই ৰঙৰ সাল সলনি কৰিব নোৱাৰে।যেনে শ্যামকানুৰ বৰণ কলা আৰু পাতল নীলা ৰঙেৰে আৰু ৰামচন্দ্ৰৰ পাতল সেউজীয়া ৰঙৰ বাহিৰে অন্য ৰঙ ব্যৱহাৰ কৰা নাযায়৷

পাটচিত্ৰত ব্যৱহাৰ কৰা ৰং সমূহ প্ৰকৃতিৰ পৰাই সংগ্ৰহ কৰে।বিভিন্ন শিলৰ গুৰি যেনে পাৰা আৰু গন্ধকৰ পৰা ৰঙা বা হেঙুল ৰং,হৰিতলা পৰা হালধীয়া ৰং আৰু ৰামৰাজ পাথৰৰ পৰা গাঢ় নীলা ৰং তৈয়াৰী কৰা হয়।থিক তেনেদৰে শংখৰ পৰা বগা ৰং আৰু নাৰিকলৰ খোলা পুৰি কলা ৰং তৈয়াৰ কৰা হয়।ৰঙা, হালধীয়া, গাঢ়নীলা, বগা আৰু কলা এই পাঁচবিধেই হৈছে পাটচিত্ৰৰ মুখ্য ৰঙ। এই কেইবিধ ৰঙকেই সানমিহলি কৰি চিত্ৰকাৰ সকলে অন্য ৰঙৰ সৃষ্টী কৰে।আনহাতে আকোতে ব্যৱহাৰ কৰা ব্ৰাচদালো তেওঁলোকে কেৰ্কেটুৱাৰ নোমৰ পৰা তৈয়াৰ কৰি লয়।

পাটচিত্ৰতৰ অন্য এক বিশেষত্ত হৈছে এই চিত্ৰৰ দাতিবোৰ সুন্দৰ ফুলেৰে আকি সজ্জিত কৰা হয়।এই চিত্ৰকলা আমি    কপাহী কাপোৰত আৰু তাল গছৰ পাতৰ ওপৰত অকা দেখিবলৈ পাওঁ।

তাল গছৰ পাতৰ ওপৰত এই চিত্ৰ অংকন কৰিলে ইয়াক তালচিত্ৰ বুলি কোৱা হয়।কপাহী কাপোৰৰ ওপৰত কৰোতে প্ৰথমে সেই কাপোৰক ভালদৰে ৰ’দত শুকোৱাই লোৱা হয়।ইয়াৰ পিচত এই কাপোৰৰ ওপৰত চকমাটি আৰু টেটেলীৰ গুটিক সিজাই তৈয়াৰী কৰা আঠাৰ সংমিশ্ৰনৰ এটা প্ৰলেপ দিয়া হয়।প্ৰলেপ শুকোৱাৰ পিচত মিহি শিলেৰে সেই অংশক ঘহি মশৃণ কৰি তাৰ ওপৰত অংকন কৰিব পৰা কৰি লয়।পিচত বুজি পাইছিলো আহোতে ধোৱা ঘৰত কিহৰ কাৰণে মাৰ দিয়া বগা কাপোৰবোৰ দ’মাই থোৱা আছিলে।চিত্ৰ সম্পূৰ্ণ হৈ উঠাৰ পিচত পুনৰ এবিধ পাতল তৰল পদাৰ্থৰে তাৰ ওপৰত লেপন দিয়া হয় যি সেই চিত্ৰক বতৰৰ পৰা হোৱা ক্ষতিৰ পৰা বচাই ৰাখে।ময়ো পাটচিত্ৰ ৰস ল’বলৈ শ্ৰীযুত চতুৰ্ভূজ পৰিডাৰ ঘৰত সোমালো গৈ। তেওঁৰ ঘৰত প্ৰৱেশ কৰোতে চতুৰ্ভূজ পৰিডাই চিত্ৰ অংকন কৰি থকা অৱস্থাতেই পাইছিলো। তেখেতকো বহু সন্মান পাটচিত্ৰৰ বাবে ৰাজ্য চৰকাৰে প্ৰদান কৰিছে।

তেওঁৰ পৰিয়ালৰ জী শ্ৰীমতী সুকান্তি স্ৱাইনে তাল গছৰ পাতৰ ওপৰত এই চিত্ৰ কৰি ৰাষ্ট্ৰীয় পুৰস্কাৰো অৰ্জন কৰিছে। তালচিত্ৰত তালগছৰ পাতক টান হোৱালৈ শুকোৱাই এটাৰ তলত এটাকৈ চিলাই কৰি অংকন কৰিব পৰাকৈ দিঘলীয়া পৃষ্ঠৰ তৈয়াৰ কৰে।এনেদৰে চিলাই কৰাৰ কাৰণে তাল চিত্ৰ যিমানেই দিঘলীয়া নহওক, তাক সুন্দৰ ভাজত কম ঠাইত ৰাখিব পাৰি।

পাটচিত্ৰৰ এই কলাক মহাপাত্ৰ আৰু মহাৰাণা উপাধিৰ লোকসকলে পাৰম্পৰিক কলা ৰূপে আজিও চলাই আহিছে। তেওঁলোকৰ পূৰ্ব পুৰুষসকলে তাল গছৰ পাতত ইয়াৰ বিধি সুন্দৰকৈ নৱপ্ৰজন্মৰ বাবে লিখি থৈ গৈছে।কিন্তু এই কলা আজি সিমিত লোকৰ মাজতেই আৱদ্ধ নাথাকি সকলোৰে মাজতে জনপ্ৰিয় হৈ উঠিছে।মই দেখি আচৰিত হৈছিলো,তেওঁলোকে ধৰ্মীয় আখ্যান সমূহ এই চিত্ৰৰ যোগেৰে ঘৰৰ দেৱালবোৰত সুন্দৰকৈ বৰ্ণনা কৰি থোৱা আছিলে।

সৰু তামোলৰ পৰা নাৰিকললৈকে কলাকাৰ সকলে প্ৰভু জগন্নাথৰ ছৱি অংকন কৰি ওলমাই থৈছিল।

আজি মোৰ এই ঠাইলৈ আহি অনুভৱ হৈছে, মোৰ সময় ব্যৰ্থলৈ নগল।এই গাওঁখনৰ পৰিবেশত কিবা এক যেন সন্মোহন শক্তি আছে যিয়ে মোক অচিনাকী সকলৰ ঘৰে ঘৰে বিচৰণ কৰাই ফুৰাইছে।তাত থকা প্ৰতিটো মন্দিৰেই সৰু সৰু তালৰ শব্দত মূখৰিত হৈ আছিলে।কাণখন অলপ থিয় কৰি শুনাত ধৰিব পাৰিলো সেই তালৰ শব্দৰ মাজতেই কৰ’বাৰ পৰা জুনুকাৰ ঝুনক,ঝুনক মাত মিহলি হৈ মোৰ কাণত আহি পৰিছিলহি।মোৰ মন মগজুৱে আৰু অধিক অপেক্ষা কৰিব নোৱাৰিলে।বুজিবলৈ বাকী নাথাকিল, ওচৰতেই ক’ৰবাত প্ৰসিদ্ধ নৃত্য গ’তিপুঅৰ গুৰুকুল আছে,য’ত কেৱল ল’ৰাই নাৰীৰ বেশ পৰিধান কৰি ঈশ্চৰক আৰাধনা কৰিবলৈ নৃত্য কৰে।

বৰ্তমান যুগত ওড়িশাৰ পাৰম্পৰিক নৃত্য ওড়িচি বুলিয়ে জনাজাত যদিও দৰাচলতে ইয়াৰ উৎপত্তিও গ’তিপুঅ নৃত্যৰ পৰাহে হয়।ওড়িয়া ভাষাত গ’তি মানে এজন আৰু পুৱ মানে লৰা।অৰ্থাৎ এজন লৰাই কৰা নৃত্য।কোৱা যায় ১২ শতিকাৰ পূৰ্বে পুৰীৰ ৰজা ইন্দ্ৰদুন্যই অন্য দেৱ দেৱীৰ সৈতে প্ৰভূ জগন্নাথৰ বৃহৎ মন্দিৰ নিৰ্মাণ কৰাইছিল।সেই সময়ত তেওঁলোকৰ সাজ সজ্জা সেন্দুৰ, কুমকুম,কাজল আদিৰে কৰা হৈছিল আৰু বিভিন্ন ভজন আৰু নৃত্যৰ যোগেৰে ঈশ্ৱৰৰ আৰাধনা কৰিছিল।গ’তিপুঅ নৃত্যৰো আৰম্ভণি তাৰ ওচৰা ওচৰি সময়ৰ পৰাই হৈছিল।দেৱদাসী, মাহাৰী, গ’তিপুঅ নৃত্য হৈছে সেই সময়ত জগন্নাথ মন্দিৰত বিশেষ ভাৱে পৰিবেশন কৰা নৃত্য।দেৱদাসী মানে যিসকল নাৰীয়ে আজীৱন অবিবাহিত থাকি নিজকে প্ৰভূৰ চৰণত তেওঁৰ স্ত্ৰী নতুবা দাসী ৰূপে অৰ্পন কৰিছে অৰ্থাৎ দেৱতাৰ দাসী। তেখেতসকলে জগন্নাথৰ মন প্ৰসন্ন কৰিবলৈ মন্দিৰৰ ভিতৰত একান্ত ভক্তিৰে নৃত্য প্ৰদৰ্শন কৰিছিলে।সেয়াই হৈছে দেৱদাসী নৃত্য।আনহাতে মূল জগন্নাথ মন্দিৰৰ চৌপাশে আন দেৱ দেৱী সকলৰো মন্দিৰ প্ৰতিষ্ঠা কৰা গৈছিল।সেই মন্দিৰ সমূহত সেৱা শুশ্ৰুষা ,আৰাধনাৰ বাবে বাহিৰত নৃত্য প্ৰদৰ্শন কৰিবলৈ সৃষ্টী হৈছিল মাহাৰী নৃত্যৰ।মাহাৰী মানে মহান নাৰী।যি নাৰীয়ে বিবাহৰ পিচত মাতৃত্ৱ লাভ কৰি কামনা বাসনাৰ আসক্তিৰ পৰা আতৰি থাকি জগন্নাথ মন্দিৰৰ পৰিসীমাৰ ভিতৰত থকা অন্য দেৱ দেৱীৰ মন্দিৰত বা প্ৰাংগনত ভক্তি সহকাৰে সেৱা অৰ্চনা কৰিবলৈ সক্ষম হৈছে, তেওঁকেই কোৱা হয় মহান নাৰী।কিন্তু প্ৰকৃতিৰ নিয়ম অনুসৰী যেতিয়া তেওঁলোকৰ ঋতুস্ৰাৱৰ সময় হয়, তেতিয়া মন্দিৰৰ পৱিত্ৰতা বজাই ৰাখিবলৈ নৃত্য সেৱা স্থগিত কৰি ৰাখিব লগা হৈছিল।ঠিক তেনেকুৱা এটা সময়তেই প্ৰভূ চৈতন্যই কীৰ্ত্তন কৰি কৰি জগন্নাথ ধাম আহি পাইছিলহি।সেই সুন্দৰ বিশাল মন্দিৰত যেতিয়া গীত নৃত্য পৰিবেশন কৰা কাকোকে নেদেখিলে, তেতিয়া তাৰ সমাধান ৰূপে তেখেতে আৰম্ভ কৰিলে গ’তিপুঅ নৃত্যৰ।অৰ্থাৎ এজন লৰাই মন্দিৰৰ ভিতৰত প্ৰদৰ্শন কৰা নৃত্য।ৰঘূৰাজপুৰত কৰ’বাৰ পৰা ভাহি অহা সেই নুপুৰৰ মাতে মোৰ মনৰ উৎকন্ঠা দুগুণ বঢ়াইছিলে।সেই মাতত যেন সন্মোহিত হৈ কেৱল অন্ধৰ দৰে অনুকৰণ কৰি আগুৱাই গৈ আছিলো।গৈ পাই দেখিলো সেইখন এখন গুৰুকুল।নৃত্য গুৰু গঙ্গাধৰ নায়কৰ গুৰুকুল, য’ত দূৰ দূৰণিৰ পৰা ছাত্ৰ আহি, তাতে থাকি গ’তিপুঅ নৃত্যৰ প্ৰশিক্ষণ লয়।তেখেতৰ ঘৰৰ দেৱাল অসংখ্য প্ৰমাণ পত্ৰৰ লগতে ওড়িশাৰ মূখ্যমন্ত্ৰী নবীন পটনায়কৰ লগত তোলা ফটোৱেও শুৱনি কৰি আছিলে।

এটা কথা মন কৰিছো, এই গাওঁখনত প্ৰতিখন ঘৰৰ মানুহে বৰ হেঁপাহেৰে নিজৰ পাৰম্পৰিক কলাক মাতি নি দেখুৱাইছিল। মই সোমাওতেই গুৰু গঙ্গাধৰ নায়কৰ ঘৰত ছুলি কান্ধলৈকে পৰা সৰু সৰু লৰা কেইজনমানে হাতত কিতপ কলমলৈ স্কুলৰ ইউনিফৰ্মত আহি সোমাইছিলহি।গম পালো তাত দূৰ দূৰণিৰ পৰা আহি মাক বাপেকে নিজৰ লৰাক কম বয়সতে গুৰুজনাৰ ওচৰত নৃত্য শিক্ষা ল’বলৈ থৈ যায়।এই গুৰুকুলতেই থাকি সিঁহতে চৰকাৰী স্কুলত পঢ়াৰ লগতে নৃত্যৰো প্ৰশিক্ষণ লয়।

শ্ৰীযুত নায়কৰ মুখেৰেই শুনাৰ হেপাহত মবাইলত ৰেকৰ্ডাৰটো অন কৰি ল’লো। তেখেতে ক’লে যে প্ৰভূ চৈতন্যৰ মতে ঈশ্ৱৰৰ বাহিৰে আন সকলোকেই এই পৃথিৱীত নাৰী বুলিয়েই গণ্য কৰা হয়।সেয়ে দেৱদাসী আৰু মাহাৰী সকলৰ বাদেও পুৰুষেও ঈশ্চৰৰ ওচৰত নৃত্যৰে আৰাধনা কৰিব পাৰে।মাত্ৰ মনলৈ কোনো বেয়া চিন্তা বা বেয়া মনোভাৱ ননাকৈ একান্ত ভক্তিৰে সেৱা কৰাতোৱেই মূল উদেশ্য হ’ব লাগে।সেই কাৰণে এই উদেশ্যক আগত ৰাখিয়েই গ’তিপুঅৰ বয়সৰ সীমা ধৰি দিয়া হৈছিল।১৩ বা ১৪ বছৰ বয়সলৈকেহে এজন বালকে নাৰীৰ বেশ পৰিধান কৰি প্ৰভূৰ ওচৰত নৃত্য পৰিবেশন কৰিব পাৰে।আগতে তেওঁলোকে হাতত জলন্ত মচাললৈ বৈষ্ণৱ কবি সম্ৰাট উপেন্দ্ৰ ভঞ্জৰ কবিতাত এই নৃত্য পৰিবেশণ কৰিছিল আৰু লগত বাদ্যযন্ত্ৰ ৰূপে ব্যৱহাৰ কৰিছিল সৰু তাল, খোল আৰু টোকাৰী।

কিন্তু বৰ্তমান সময়ত এই নৃত্য কেৱল এজনত বা মন্দিৰৰ প্ৰংগণতে সিমিত নাথাকি বিভিন্ন ঠাইত পৰিবেশন কৰিবলৈ লয়।যিসকল বালকে কৈশোৰত ভৰি দিয়েহি ,তেওঁলোকে নৃত্য শৈলীক কিছু সাল সলনি কৰি ওড়িশি নৃত্যৰ প্ৰাৰম্ভ কৰে।এই দৰেই দেৱদাসী পৰা মাহাৰী আৰু তাৰ পিচত গ’তিপুঅ আৰু অৱশেষত ওড়িশি নৃত্যৰ জন্ম হয়। বৰ্তমানে বালকসকলে মহিলাৰ সাজত বিভিন্ন কলাবাজীৰে ধৰ্মীয় উপাখ্যান যেনে শ্ৰীকৃষ্ঞৰ জন্ম, শ্ৰীকৃষ্ঞৰ কালিয় দমন আদি প্ৰদৰ্শন কৰে।

বিভিন্ন ভংগীমাৰে ময়ুৰ, অনন্ত নাগ আদিৰ আকৃতি দেখুৱাই আজিকালি অধিক আকৰ্ষণীয় ৰূপত গ’তিপুঅ নৃত্যক দৰ্শায়।সময়ৰ লগে লগে সলনি হোৱা প্ৰথাক সকলো সময়তেই বেয়া বুলি কোৱাতো হয়তো আমাৰ ভূল হব।১২ -১৪ বছৰ এক নৃত্যৰ সাধনাত থাকি হঠাতে কোনো এজন নৃত্যকাৰে কেতিয়াও নিজৰ মন প্ৰাণ সহজে তাৰ পৰা আতৰাই আনিব নোৱাৰে। সেয়ে নিজৰ মাজত সেই কলাকাৰক জীয়াই ৰাখিবলৈ  ভিন্ন কৰতবেৰে কিছু সাল সলনি কৰি সেই নৃত্যক আজিও জীয়াই ৰাখিছে। ধন্য এই গাওঁ য’ত প্ৰতিজন গাওঁবাসীৰ ৰন্ধ্ৰে ৰন্ধ্ৰে আজিও তেওঁলোকৰ বিশিষ্ট কলাসমূহক ধৰি ৰাখিছে।হাতত সৰু তাল বজাই মূখত ঈশ্ৱৰৰ নামলৈ মোৰ আগেদি পাৰহৈ যোৱা ৰঘূৰাজপুৰবাসীৰ পৰা আজি বহুতো কিবা শিকিবলৈ পালো আৰু দেখিবলৈকো পালো, মাত্ৰ হেঁপাহ হে পলোৱাব নোৱাৰিলো।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here