ক’ৰ’ণা সন্ত্ৰাসৰ বাবে মানসিক চাপমুক্ত হওক≈”স্বজীৱিকা” আঁচনিৰে স্বাৱলম্বী হওকঃশিৱসাগৰত দিনদয়াল ভৱনৰ সৌজন্যত সুস্থ মানসিক স্বাস্থ্য আৰু অৰ্থনৈতিক স্বাৱলম্বিতাৰ বাবে সজাগতাৰ বৈঠক

 

প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মা, ১ জুনঃ  ক’ভিড-১৯ৰ সন্ত্ৰাসত বিশ্বৰ অৰ্থৰ সামাজিক ভেটি ছিন্ন ভিন্ন কৰাৰ সময়ত অসমো ইয়াৰ পৰা বাদ পৰা নাই ।

বহু ব্যক্তি বা পৰিয়াল আৰ্থিক সমস্যাত ভূগি মানসিকভাৱে ভাঙি পৰা দেখা গৈছে ।

এনে সময়তে উজনি অসমৰ জিলাসমূহত দীনদয়াল ভৱনে মানসিক চাপমুক্ত কৰাৰ এক প্ৰয়াস আৰু কৃষি পশুধন মৎস্য পালন আদিৰ জৰিয়তে স্বাৱলম্বী হৈ কৃষিজীৱী ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যে আগত ৰাখি প্ৰতিখন জিলাতে একোখনকৈ কৰ্মশালা আয়োজন কৰাৰ সিদ্ধান্ত লৈছে ৷

য’ত মানসিক চাপমুক্ত কৰাৰ ব্যৱস্থা, উৎপাদনমুখী হৈ স্বাৱলম্বী হোৱাৰ, আৰ্থিক সকাহ পোৱা আৰু নিজৰ ভূমিত নিজৰ জীৱিকা তৈয়াৰ কৰি লোৱাৰ ব্যৱস্থা থাকিব ।

উল্লেখ যে, ৩০ মে’ত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সংগঠন সচিব তথা উজনি অসম প্ৰভাৰী গীতাৰ্থ গোস্বামীৰ প্ৰচেষ্টাত শিৱসাগৰস্থিত উজনি অসমৰ দীনদয়াল ভৱনত এই সকলো বিষয় সাঙুৰী এক বৈঠক অনুষ্ঠিত হয় ৷

উক্ত বৈঠকত কাৰ্য্যক্ৰম প্ৰমুখ ডাঃ প্ৰবীণ কোঁৱৰ, সহ-প্ৰমুখ ডাঃ ৰক্তিম বৰগোঁহাই, ডাঃ অংশুমিতা গগৈ, ডাঃ গৌৰৱ চৌধৰী, ডাঃ বিজিত বৰাৰ উপস্থিতিত বিষয়সমূহৰ ওপৰত বিতং আলোচনা কৰা হয় ।৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here