প্ৰাগজ্যোতিষ বাৰ্তা,নলবাৰীৰ পৰা কুলদীপ গৌতম শৰ্মা, ২ জুনঃ ধমধমাৰ মাজমজিয়াত পথৰ দুৰৱস্থাই যেন যমৰ যাতনা ভোগাইছে।
উপায়হীন হৈ ৰাইজে পথৰ মেৰামতি কৰিলে ধমধমা গৰকাষৰ গাঁৱৰ ৰাইজে৷
বিশ্বত এতিয়াও অব্যাহত আছে মহামাৰীৰ কাৰোণা ভাইৰাছ আংতক।
অন্যহাতে ৰাইজৰ এনেদৰে পথৰ বাবে যমৰ-যাতনা ভুগি থাকিবলগীয়াত ৰাইজে সাচতীয়া ধন ভাঙি পথৰ বাবে দিবলগীয়া হৈছে৷এইখন অসম মুলুকত৷
বিকাশৰ কথা কোৱা আমাৰ চৰকাৰখনৰ এই পথটোত পৰিবনে চৰকাৰী আঁচনি৷
সমগ্ৰ দেশত লকডাউন। তাৰ মাজতে ৰাইজে নিজৰ ধন ভাঙি পথৰ বাবে খৰছ কৰিবলগীয়া হৈছে৷
সোমবাৰে ট্ৰেক্টৰেৰে শিল-বালি পেলাই পথৰ মেৰামতি কৰি যাতায়তৰ ব্যৱস্থা কৰিলে৷
অকল ধনেৰে নহয় শ্ৰমেৰেও ৰাইজে পথটোৰ কাম কৰিলে৷
ধমধমাৰ এই অঞ্চলটো অসমৰ বৰমা বিধান সভাৰ সমষ্টিৰ অন্তগৰ্ত, স্থানীয় বিধায়ক মনেশ্বৰ ব্ৰহ্মৰ সমষ্টি৷
এই গাৱঁখনত আহি কেৱল নিৰ্বাচনৰ সময়ত আশা প্ৰতিশ্ৰুতিহে দিয়ে।পৰিতাপৰ কথাটো হ’ল তেওঁৰ কাৰ্যকালত এচপৰা মাটি-বালিও নপৰিল৷
তিনিটা কাৰ্যকালৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল৷
উল্লেখযোগ্য যে এই গাঁৱখন নলবাৰী জিলাৰ ১৯ নং চটাবাৰী গাওঁ পঞ্চায়ত অন্তৰ্গত গাওঁ৷
বাৰিষাত এই পথটো বোকাময়,পানী আৰু পিছল হৈ পৰে৷
এই গাওঁখনৰ বাসিন্দা ১৯ নং চটাইবাৰী গাঁও পঞ্চায়তৰ কাউঞ্চিলাৰ মিনি ডেকা কলিতা, তথাপিও নহয় পথটোৰ কোনো ধৰণৰ কাম৷
জনসাধাৰণে অনুৰোধ কৰিছে অতি শীঘ্ৰে এই পথটোৰ কাম কৰিবলৈ অন্যথা আন্দোলন ঘোষণা কৰিব।