হোজাইত উপস্হিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালঃ বানপীড়িত ৰাইজৰ বুজ ল’বলৈ উপস্হিত হয় মুখ্যমন্ত্ৰী গৰাকীঃ উপস্হিত থাকে মন্ত্ৰী পিয়ুজ হাজৰিকাও

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু , ২ জুনঃ ক’ৰ’ণাৰ আতংকৰ মাজতেই ৰাজ্যত বানৰ সংহাৰী ৰূপ। তাৰ সমান্তৰালভাৱে হোজাইতো কপিলী নৈৰ বাঢ়নী পানীয়ে নৈ পৰীয়া বিভিন্ন অঞ্চল বুৰাই পেলাইছে।

কপিলী নৈৰ বলিয়া বানে বিস্তৰ ক্ষতি কৰিছিল হোজাইৰ বহু নৈপৰীয়া গাঁৱৰ। গাৱঁৰ বহু ঠাইত এতিয়াও শুকুৱা নাই পানী, বৰ্তমানো আশ্রয় শিবিৰতে বহুলোক।

পানীত হাহঁ নচৰা অৱস্থা নৈ পৰীয়া ৰাইজৰ।

উক্ত নৈ পৰীয়া ৰাইজৰ পৰিস্হিতি বুজ ল’বলৈ আৰু বান পৰিস্থিতি প্ৰৰ্যবেক্ষণ কৰিবলৈ আজি হোজাইৰ নভঙা, দক্ষিণ কেন্দ্ৰূগুৰি আৰু হাতীমৰা অঞ্চলত উপস্হিত হয় অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

হাতীমৰা গাঁৱৰ কপিলী নৈৰ গঢ়া খহনীয়াৰ পৰ্য্যবেক্ষণ কৰাৰ লগতে অঞ্চলটোৰ আশ্রয় শিবিৰত থকা লোকলৰো অৱস্হাৰ বুজ লয়
মুখ্যমন্ত্ৰী গৰাকীয়ে।

পৰ্য্যবেক্ষণ কালত উপস্হিত থাকে মন্ত্ৰী পিয়ুজ হাজৰিকা, হোজাই আৰু লামডিং সমষ্টিৰ দুই বিধায়ক, বিজেপি নেতা-কৰ্মী আৰু জিলা প্ৰশাসনৰ মুৰব্বীসকল।

বানপীড়িত ৰাইজক ক্ষতিপূৰণ দিয়া হ’ব বুলিও মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে ক’ৰ’ণা ভাইৰাছৰ বিষয়েও চৰকাৰখনে লোৱা বিভিন্ন পদক্ষেপৰ ওপৰতো মন্তব্য প্ৰকাশ কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here