প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিত ব্যাপক দুৰ্নীতিঃ কৃষি বিভাগৰ তদন্তত ওলাল হিতাধিকাৰীৰ ২০ শতাংশহে কৃষক

প্ৰাগজ্যোতিষ বাৰ্তা,নলবাৰীৰ পৰা কুলদীপ গৌতম শৰ্মা, ২ জুনঃ ৰাজ্যজুৰি তোলপাৰ লগোৱা প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ নামত হোৱা দুৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে নলবাৰী জিলাৰ ১৯ নং চটাইবাৰী আৰু ১৮ নং বালিতাৰা গাঁও পঞ্চায়ত দুখনত।

ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই নলবাৰী জিলাৰ উপায়ুক্তই দিয়া তদন্তত কৃষি বিভাগৰ তদন্তকাৰী বিষয়াগৰাকীয়ে হিতাধিকাৰীৰ তালিকাৰ মাত্ৰ ২০ শতাংশহে প্ৰকৃত কৃষক হিচাপে তথ্য লাভ কৰাৰ বিপৰীতে ৮০ শতাংশই নহয় কৃষক।

সম্পূৰ্ণ ৰাজনৈতিকভাৱে প্ৰস্তুত কৰা তালিকাখনত একেটা পৰিয়ালৰে আছে চাৰি- পাঁচজনকৈ সদস্যৰ নাম।

চটাইবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰঙাফালি গাঁৱৰ ৱেবছাইট তালিকাত প্ৰকাশিত ক্ৰমে ১৮(বাদল নাথ),৬২(কাজল দেৱনাথ),১৪২(সজল দেৱনাথ),১৪৪(সন্ধ্যা দেৱী),৮৯(মোহন দেৱনাথ) এটা পৰিয়ালৰে সদস্য ।

ইয়াৰে বাদল নাথ হৈছে ১৯নং চটাইবাৰী গাঁও পঞ্চায়তৰ বিজেপি দলৰ পৰা নিৰ্বাচিত গাঁওসভাৰ সদস্য। লগতে তেওঁ বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ অ’বিচি মৰ্চাৰ সভাপতি।একেখন গাঁৱৰে সুজিত দাস(মিথু)হৈছে বিজেপি দলৰ এজন সক্ৰিয় কৰ্মী।ৱেবছাইট তালিকাত প্ৰকাশিত ১৫৯(সুজিত দাস),১৫৫,১৫৪(সুৱিৰ দাস),১৬৬(সপ্না দাস),১২(অৰ্চনা দাস),১৫৭ (সুদিপ দাস)বিজেপি কৰ্মী সুজিত দাস(মিথু)ৰ একেটা পৰিয়ালৰে সদস্য ।

আনহাতে ভূমিহীন লোক, চৰকাৰী চাকৰিয়ালৰ পত্নী, ছাত্ৰ-ছাত্ৰী,পেঞ্চনাৰ আদিৰ লগতে ভুৱা নামেৰেও সৰকোৱা হৈছে কৃষকৰ নামত অহা ধন।

দুয়োখন পঞ্চায়ততে গাঁওবুঢ়া আৰু পঞ্চায়ত সদস্যক লগত লৈ আৰম্ভ কৰা এই তদন্তত হিতাধিকাৰীৰ তালিকা দেখি চকু কপালত উঠিছে খোদ তদন্তকাৰী বিষয়াগৰাকীৰ ।

বিষয়াগৰাকীয়ে স্থানীয় সাংবাদিকক জনোৱা মতে,তালিকাসমূহৰ ৮০ শতাংশ হিতাধিকাৰীয়ে কৃষক নহয়।

তদুপৰি বহু ব্যক্তি সংশ্লিষ্ট গাঁৱৰ বাসিন্দা নহয়। গতিকে এইসকল ব্যক্তিৰ নাম কৰ্তন কৰা হৈছে আৰু প্ৰকৃততে কৃষিকৰ্মৰ সৈতে জড়িত লোকসকলে এই সাহায্যৰ পৰা বঞ্চিত হৈছে।তেওঁলোকৰ নাম নতুনকৈ সন্নিবিষ্ট কৰা হ’ব।

আনহাতে এই তদন্তত কৃষি কাৰ্যৰ সৈতে জড়িত নোহোৱা ভুৱা কৃষকৰ নাম কৰ্তন কৰাৰ লগতে প্ৰকৃত কৃষক যাতে বাদ পৰি নৰয় তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ ৰাইজে তদন্তকাৰী বিষয়াগৰাকীক আহ্বান জনায়।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here