গুৱাহাটী পৌৰ নিগমৰ বিষয়াৰ সৈতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল-গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ গুৰুত্বপূৰ্ণ বৈঠক

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটীৰ পৰা মনোজ ডেকা,৩ জুনঃ দহ লাখ জনবসতি পুৰ্ন গুৱাহাটী মহানগৰী সমস্যাৰ দ্বাৰা ভাৰাক্ৰান্ত ৷

বিভিন্ন সমস্যাই লগা এৰা নিদিয়া মহানগৰীক এক নতুন মাত্ৰ দিয়াৰ বাবেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰখনে কিছু প্ৰয়াস কৰিছে ৷

ইয়াৰ বাবেই মঙলবাৰে মহানগৰীৰ গুৱাহাটী মহানগৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ সৈতে পৌৰ নিগমৰ উচ্চ পদস্থ বিষয়াৰ সৈতে এক গুৰুত্ব পুৰ্ণসভা অনুষ্ঠিত হয় ৷

সামাজিক দূৰত্বৰ প্ৰতি লক্ষ্যৰাখি বিশেষ বৈঠক অনুষ্ঠিত কৰা হৈছে ৷ জানিব পৰা মতে, পূৰ্বতকৈ অধিক পৰিমানৰ ৰাজহ সংগ্ৰহ কৰাৰ বাবেই এটা বাণিজ্যিক আৰ্হি প্ৰস্তুত কৰিবলৈ বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰা হয় ৷

এই বৈঠকত বৰষুণৰ পানী সংৰক্ষণৰ বাবে বিশেষ পদক্ষেপ গ্ৰহনৰ পোষকতা কৰা হৈছে ৷

ইয়াৰ সমন্তাৰালভাৱে জলশয় সমুহ সম্পূৰ্ণ সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহনৰ সিন্ধান্ত লোৱা হয় ৷

লগতে মহানগৰীত সঘনাই সৃষ্টিহোৱা যানজঁটৰ পৰিমান হ্ৰাস কৰি জাতায়ত ব্যৱস্থা অধিক উন্নত কৰাৰ বাবেই যোগাযোগ সম্পৰ্কীয় এক বিশেষ মেপ প্ৰস্তুত কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়াৰ কথা জানিব পৰা গৈছে ৷

ইপিনে গুৱাহাটী পৌৰ নিগমৰ ফ্লাইং স্কোৱাৰ্ডৰ ক্ষীপ্ৰতাৰে নিজৰ দায়িত্ব পালন কৰিব পাৰে তাৰবাবেই প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰে৷

উল্লেখ্য যে মঙলবাৰে অনুষ্ঠিত হোৱা বৈঠকত গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেব্যজ্যেতি হাজৰিকাৰ লগতে কেইবাজনো উচ্চ পদস্থ বিষয়া উপস্থিত আছিল৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here