৭০ দিন ধৰি গুৱাহাটীৰ দুখীয়া লোকৰ মাজত দুপৰীয়াৰ আহাৰ বিতৰণ

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটীৰ পৰা মনোজ ডেকা,৩ জুনঃ গুৱাহাটীৰ পদপথৰ বাসিন্দা সকলৰ লগতে দুখীয়া লোকসকলৰ মাজত বিগত ৭০ দিনে দুপৰীয়াৰ আহাৰ যোগান ধৰি আহিছে এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ীয়ে।

ক’ৰ’ণা ভাইৰাছৰ বাবে দুখীয়া লোকসকলে এমুঠি আহাৰৰ বাবে হাহাকাৰ কৰাৰ সময়ত ক্ষুদ্ৰ ব্যৱসায়ী তুলতুল কছাৰীয়ে নিজা প্ৰচেষ্টাত সমাজৰ আতৰ্জনক
সহায়ৰ হাত আগবঢ়াই আহিছে।

তেওঁ ২৫ মাৰ্চৰ পৰা গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ দুখীয়া, বিশেষভাৱে সক্ষম, পথৰ দাঁতিত থকা ৰোগাক্ৰান্ত সকলক দুপৰীয়াৰ আহাৰ যোগান ধৰি অহা হৈছে।

মঙলবাৰে এই কাৰ্যসূচীয়ে ৭০ দিন সম্পূৰ্ণ কৰিলে। মঙলবাৰেও ভঙাগড়, গণেশগুৰি, জু-ৰোড, পল্টনবজাৰ, এ টি ৰোড, শুক্ৰেশ্বৰ মন্দিৰ, লাচিত ঘাট, গুৱাহাটী ক্লাব, চানমাৰি, শিলপুখুৰী, ভূতনাথ,পল্টনবজাৰ, উলুবাৰী উৰণীয়া সেঁতুৰ তল, লাচিত নগৰৰ হনুমান মন্দিৰ, বৰাছাৰ্ভিছ আদি মহানগৰীৰ বিভিন্ন প্ৰান্তত থকা দুখীয়া লোকৰ মাজত দুপৰীয়াৰ আহাৰ যোগান ধৰা হয়।

তেওঁ প্ৰতিদিনে প্ৰায় দুই শতাধিক লোকক দুপৰীয়াৰ আহাৰ যোগান ধৰি আহিছে।

আনহাতে সন্ধিয়া বশিষ্ট মন্দিৰ আৰু নৱগ্ৰহ মন্দিৰৰ কপিকুলৰ মাজত বুট, কল আদি বিতৰণ কৰা হয় বুলি এক বিবৃতি যোগে ক্ষুদ্ৰ ব্যৱসায়ীজনে জনায়।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here