গুৱাহাটী পৌৰনিগমৰ বিষয়াৰ সৈতে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ গুৰুত্বপূৰ্ণ বৈঠকঃ প্ৰতিদিনে ৫০ হাজাৰ টন পচন সাৰ প্ৰস্তুতৰ পৰিকল্পনা

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনোজ ডেকা, ৩ জুনঃ অতি জনবহুল গুৱাহাটী মহানগৰীৰ আটাইতকৈ ডাঙৰ সমস্যাটোৱেই হ’ল জাৱৰ জোথৰ৷

পুৱাই শুই উঠাৰ পৰাই গুৱাহাটীৰ নাগৰিকে প্ৰতিটো অঞ্চলতে দেখিবলৈ পায় অতি লেতেৰা গেলা দুৰ্গন্ধময় জাৱৰ৷

ইতিমধ্যে মহানগৰীৰ জাৱৰে বৰাগাঁৱৰ ডাম্পীংচাইট্ ভৰি পৰিছে৷ যাৰ বাবেই এতিয়া জাবৰ পেলোৱা ঠাইৰ অভাৱ দেখা গৈছে৷ ইয়াৰ বাবে গুৱাহাটী পৌৰনিগম যঠেষ্ট চিন্তিত হৈ পৰিছে৷

গুৱাহাটী মহানগৰী প্ৰতিদিনে হাজাৰ – হাজাৰ টন জাৱৰ জোথৰেৰে ভৰি পৰে ৷ এই জাৱৰসমূহ পেলনীয়া হিচাপে ব্যৱহাৰ নকৰি গুৱাহাটী পৌৰনিগমে পচন সাৰ প্ৰস্তুত কৰাৰ পৰিকল্পনা হাতত লৈছে৷

সেই উদ্দেশ্যে মঙলবাৰে গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই গুৱাহাটী পৌৰনিগমৰ কাৰ্যালয়ত উচ্চ পদস্থ বিষয়াসকলৰ লগত এখন গুৰুত্ব পুৰ্ণ বৈঠক অনুষ্ঠিত কৰে৷

সামাজিক দুৰত্ব বজাই অনুষ্ঠিত কৰা বৈঠকত বিশেষ স্হান লাভ কৰে মহানগৰীৰ জাৱৰ জোথৰ নিষ্কাষণৰ কাম৷

এই জাৱৰ জোথৰসমূহৰ পৰা মহানগৰ বাসী ৰাইজ দুই ধৰণে লাভান্বিত হ’ব৷ কিয়নো এফালে মহানগৰীৰ পৰিস্কাৰ পৰিচন্নতা আনফালে পচন সাৰ প্ৰস্তুত কৰি কৃষকক ফচল উৎপাদনত সহায় কৰা৷

সেইবাবেই মন্ৰীগৰাকীৰ তৎপৰতাত অতি জৰুৰীভাৱে পৌৰনিগমৰ আয়ুক্ত সহ কেইবাগৰাকীও বিষয়াৰ উপস্থিতিত মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই আয়োজন কৰা বৈঠকত বিষয়াসকলক কাৰ্য্যকৰী ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here