আইন সেৱা প্ৰাধিকৰণ আৰু চাইল্ড লাইনে উদ্ধাৰ কৰিলে অপহৃত কিশোৰী

প্ৰাগজ্যোতিষ বাৰ্তা, লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ৪ জুনঃ হোজাই জিলা আইন সেৱা প্ৰাধিকৰণ আৰু চাইল্ড লাইনৰ তৎপৰতাত ৩ জুনত উদ্ধাৰ হয় এগৰাকী ১৪ বছৰীয়া কিশোৰী।

হোজাই জিলাৰ নখুটীৰ তিনি নং খাগৰীজানৰ পৰা উদ্ধাৰ কৰা হয় কিশোৰী গৰাকীক।

উল্লেখ্য যে, তিনি মাহৰ পূৰ্বে নখুটীৰ ৩নং খাগৰীজানৰ এজন যুৱকে উক্ত কিশোৰীগৰাকীক বলপূৰ্বকভাৱে নিজ গৃহলৈ নি নিজ ঘৰত আৱদ্ধ কৰি ৰাখিছিল।

কিশোৰীগৰাকীক ঘৰত আৱদ্ধ কৰি যুৱকজনে নিজেও আত্মগোপন কৰি আছে গৈ বহিঃৰাজ্যত।

কিশোৰীগৰাকীৰ পিতৃয়ে উক্ত ঘটনা সন্দৰ্ভত নখুটী আৰক্ষী চকীত এজাহাৰ দিছিল যদিও জিলা আইন সেৱা প্ৰাধিকৰণ আৰু চাইল্ড লাইনৰ যুটীয়া প্ৰচেষ্টাতহে তিনি মাহৰ অন্তত উক্ত কিশোৰী গৰাকীক উদ্ধাৰ হয়।

বৰ্তমান কিশোৰী গৰাকীক জিলা আইন সেৱা প্ৰাধিকৰণে নিজৰ জিন্মাত ৰাখিছে ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here