প্ৰয়াত সাংবাদিক ৰোহিনী মেধিৰ পঞ্চম মৃত্যু বাৰ্ষিকীৰ অনুষ্ঠান স্থগিত

প্ৰাগজ্যোতিষ বাৰ্তা, নলবাৰীৰ পৰা কুলদীপ গৌতম শৰ্মা, ৪ জুনঃ সদৌ অসম সাংবাদিক সন্থা (আজু) আৰু নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাংবাদিক, সাহিত্যিক, সমাজকৰ্মী, সমাজ সংগঠক ৰোহিনী মেধিৰ পঞ্চম মৃত্যু বাৰ্ষিকীৰ অনুষ্ঠান অহা ৬ জুনত গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত কৰাৰ কথা আছিল যদিও বৰ্তমানৰ কোভিড-১৯ জৰ্জৰিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অনুষ্ঠানটো স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে।

বাসনা সাহিত্য গোষ্ঠীৰ সভাপতি নিপজ্যোতি মেধি আৰু ভাৰপ্ৰাপ্ত সম্পাদক দেৱী প্ৰসাদ অধিকাৰীয়ে এক বিবৃতিত জনোৱা মতে, এই অনুষ্ঠানৰ পৰৱৰ্তী তাৰিখ সংবাদ মাধ্যমৰ যোগে প্ৰকাশ কৰা হ’ব।

উল্লেখযোগ্য যে, প্ৰয়াত ৰোহিনী মেধিৰ পঞ্চম মৃত্যুবাৰ্ষিকীৰ এই অনুষ্ঠানতে ‘চলন্তিকা’ গ্ৰন্থৰ বাবে বিশিষ্ট সাংবাদিক তথা কবি দিগন্ত কুমাৰ নাথক ২০২০ বৰ্ষৰ ৰোহিনী মেধি সোঁৱৰণী বঁটা, প্ৰাগ নিউজৰ ব্যুৰো চীফ ধীৰাজ ৰায় মেধিক ৰোহিনী মেধি সোঁৱৰণী প্ৰেৰণা বঁটা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মনক মানৱ সেৱা বঁটা প্ৰদান কৰা হ’ব।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here