ৰে’লৰ পৰা চেইন টানি পলোৱা মানুহৰ ক্ষেত্ৰত কঠোৰ হ’বলৈ হোজাই জিলা প্ৰশাসনক নিৰ্দেশ ভাস্কৰ জ্যোতি মহন্তৰ

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ৪ জুনঃ আজি হোজাই জিলাৰ শংকৰদেৱ নগৰৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্হিত হয় ডিজিপি ভাস্কৰ জ্যোতি মহন্ত।

লগত উপস্হিত থাকে আই জি পি হিৰেন নাথ আৰু ডি আই জি সত্য ৰাজ হাজৰিকা।

জিলাখনৰ উচ্চ পদৰ আৰক্ষী বিষয়াসকলৰ লগত জিলা অধীক্ষকৰ কাৰ্যালয়ৰ সভাকক্ষত এক আলোচনাত মিলিত হয় ভাস্কৰ জ্যোতি মহন্ত।

‘বহিঃৰাজ্যৰ পৰা হোজাই লৈ বহু মানুহ ৰে’লৰ জৰিয়তে অহাৰ বাবে হোজাইত বিশেষকৈ সতৰ্কতা অৱলম্বন কৰিব লগা হৈছে’ এই ভাষ্য ডিজিপি ভাস্কৰ জ্যোতি মহন্তৰ।

ৰে’লৰ পৰা চেইন টানি পলোৱা মানুহৰ ক্ষেত্ৰত কঠোৰ হ’বলৈ হোজাই জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে ভাস্কৰ জ্যোতি মহন্তই।

তেনেদৰে পলোৱা ব্যক্তিৰ বিৰুদ্ধে আই পি চি ৩৩৬ ধাৰা লগোৱা হ’ব বুলিও তেওঁ ব্যক্ত কৰে।

লগতে ভবিষ্যতে তেনে কাম কৰি ৰে’লত অহা লোকে নিজকে আইনী মেৰপেচ সুমুৱাই নল’বলৈ অনুৰোধ জনাই ডিজিপি মহন্তই।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here