শিৱসাগৰত ব্যক্তিগত বাহনৰ ক্ষেত্ৰত বলৱত থকা যুগ্ম-অযুগ্ম নীতি সাময়িকভাৱে প্ৰত্যাহাৰ

প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মা, ৫ জুনঃ ক’ভিড-১৯ ৰোগৰ সংক্ৰমণ ৰোধৰ বাবে যোৱা ৯ মে’ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ সমগ্র শিৱসাগৰ জিলাতে তলাবন্ধৰ (লকডাউনৰ) সময়ছোৱাত যান-জঁট ৰোধৰ বাবে ব্যক্তিগত দুচকীয়া আৰু চাৰিচকীয়া বাহনৰ ক্ষেত্ৰত চলি থকা যুগ্ম-অযুগ্ম নীতি ইতিমধ্যে পৰীক্ষামূলক আৰু সাময়িকভাৱে প্ৰত্যাহাৰ কৰা হৈছে।

অতিৰিক্ত জিলা দণ্ডাধীশ বিদিত দাসে যোৱা অলপতে জাৰি কৰা এক আদেশমৰ্মে এই নীতি প্ৰত্যাহাৰ কৰা হৈছে।

অৱশ্যে, বেটাৰী ৰিক্সাৰ ক্ষেত্ৰত এই যুগ্ম-অযুগ্ম নীতি বাহাল থাকিব।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here