শিৱসাগৰত নেষ্ট ফাউণ্ডেচনৰ উদ্যোগত আৰু বিভিন্ন অনুষ্ঠানৰ সহযোগত বিশ্ব পৰিবেশ দিৱস উদ্‌যাপন

প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মা,৬ জুনঃ বৰ্তমান সমগ্ৰ বিশ্বত ক’ৰ’ণা নামৰ এটি অচীন সংক্ৰামক ৰোগ বিয়পি লক্ষজনৰ জীৱন ইতিমধ্যে গ্ৰাস কৰিছে ।

ভাৰতৰ লগতে অসমতো এই ৰোগ বিয়পি পৰাত বহুলোক চিকিৎসাধীন হৈ থকাৰ উপৰিও কিছু মৃত্যু মুখত পৰিছে|

চৰকাৰৰ লগতে বিভিন্ন সামাজিক সংগঠনে এই সম্পৰ্কে সামাজিক মাধ্যম আৰু কাকতে পত্ৰই কৰা ৰোগৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যে সজাগতা অভিযান অব্যাহত ৰাখিছে|

সমান্তৰালভাৱে এই মহামাৰীৰ সময়ত দল সংগঠনসমূহে তথা ব্যক্তি বিশেষে আৰ্তজনক কিছু খাদ্য সামগ্ৰী বিতৰণ কৰি সচাঁ মানৱীয়তাৰ পৰিচয় দাঙি ধৰাৰ প্ৰয়াস কৰা দেখা গৈছে ।

কিন্তু এতিয়াও মানৱজাতিয়ে অনিশ্চয়তাৰ মাজত দিন অতিবাহিত কৰিবলগীয়া হৈছে। এই জটিল সন্ধিক্ষণত ৫ জুনত সমগ্ৰ বিশ্বত বিশ্ব পৰিবেশ দিৱস বৃক্ষ ৰোপণ কৰি পালন কৰা হৈছে ।

সমগ্ৰ বিশ্বৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বেচ্ছাসেৱী সংগঠন “নেষ্ট ফাউণ্ডেচন”ৰ উদ্যোগত উত্তৰ পূৱ শাখাৰ ইউ. এন. আৰ. চি, প্ৰতিষ্ঠান গুৱাহাটী, জুৰ ডুবি বিকাশ সমিতি আৰু শিৱসাগৰৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন “সমৰ্পণ”ৰ সহায় সহযোগত শিৱসাগৰ জিলাৰ অন্তৰ্গত বিভিন্ন গাওঁ অঞ্চলসমূহত বিশ্ব পৰিবেশ দিৱসৰ তাৎপৰ্য্য আৰু ইয়াৰ গুৰুত্ব তথা ক’ৰ’ণা মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ লিখিত গোহাৰিৰ দ্বাৰা সজাগতাৰ প্ৰচাৰ অব্যাহত ৰাখিছে ।

তদুপৰি ৩১ মে’ ২০১০ৰ তাৰিখৰ পৰা ড০ বি. আৰ. আম্বেদকাৰ কনিষ্ঠ মহাবিদ্যালয়,দিচাংমুখ অঞ্চলৰ প্ৰাঙ্গণত স্থানীয় শিক্ষানুষ্ঠান বিলাকলৈ ফলমূলৰ পুলি বিতৰণ কৰাৰ লগতে ৰোপণ কৰা কাৰ্য্যসূচী সম্পাদন কৰা হৈছে।

৩১ মে’ ৰ পৰা ৫ জুনলৈ বিভিন্ন গাঁৱত এই কাৰ্য্য সমাপন কৰা হয়| বিশ্ব পৰিবেশ দিৱসৰ দিনটোত জুৰডুবি গাৱঁত প্ৰায় এশ এজোপা ফলমুলৰ গছ ৰোপণ কৰাৰ লগতে বাঁহৰ বেৰা দি অনুষ্ঠানিকভাৱে কাৰ্য্যসূচীৰ সমাপ্তি ঘটায়।

নেষ্ট ফাউণ্ডেচনৰ অধ্যক্ষ তথা বিশিষ্ট সমাজসেৱক পোনাৰাম মিলিৰ আহ্বান আৰু পৃষ্ঠপোষকতাত আয়োজন কৰা উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে নেষ্ট ফাউণ্ডেচনৰ আজীৱন সদস্য সূৰুয কুমাৰ পাতিৰি, বিদ্যা পাতিৰি, বিশিষ্ট সমাজসেৱিকা তথা শিৱসাগৰ জিলা অনুসূচিত জাতি জনজাতি আত্মসহায়ক আৰু সমন্বয়ৰক্ষী সমিতিৰ সম্পাদিকা নিৰ্মলা দাস আৰু মুখ্য সমন্বয়ক দীপক টায়ে, ভাষণ প্ৰসংগত সূৰুয কুমাৰ পাতিৰি আৰু নিৰ্মলা দাসে সামাজিক দূৰত্ব বজাই ৰাখি উপস্থিত থকা ৰাইজক বিশ্ব পৰিবেশ দিৱসৰ সম্পৰ্কে আৰু চৌপাশ পৰিস্কাৰ কৰি ৰখাৰ লগতে যিকোনো মৃত জন্তুৰ শ নদীত নেপেলাই গাতত পুতি থোৱাৰ ব্যৱস্থা কৰি মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ সকলোকে অনুৰোধ জনায় ।

স্থানীয় জুৰডুবি বিকাশ সমিতিৰ সভাপতি অমূল্য পাংগিং আৰু মৃদুল পাংগিঙে নেষ্ট ফাউণ্ডেচন আৰু সমৰ্পণ স্বেচ্ছাসেৱীৰ লোকসকলক ধন্যবাদ জ্ঞাপন কৰে ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here