বাক্সাৰ পাখামাৰাত সাংসদ নৱ কুমাৰ শৰণীয়াৰ উদ্যোগত পৰিৱেশ দিৱস উদযাপন

প্ৰাগজ্যোতিষ বাৰ্তা, নলবাৰীৰ পৰা কুলদীপ গৌতম শৰ্মা, ৬ জুনঃ বাক্সা জিলাৰ পাখামাৰাত আজি কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়।

দিৱস উপলক্ষে গ্ৰহণ কৰা গছপুলি ৰোপণ কাৰ্যসূচী সাংসদ নৱ শৰণীয়াই শুভাৰম্ভ কৰাৰ পিচতে বিটিচিৰ এম চি এৰ এ বনমালী দাস, বনমালী ৰাভা, প্ৰাক্তন বিধায়ক পানীৰাম ৰাভা, অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক মাধৱ ৰাজবংশী, বাগানপাৰা পৰিষদীয় সমষ্টিৰ গণ সুৰক্ষা পাৰ্টীৰ প্ৰাৰ্থী তৃষ্ণা মেধিসহ কেইবাগৰাকীও জ্যেষ্ঠ নাগৰিকে প্ৰায় এশডাল গছপুলি ৰোপণ কৰে।

পৰিৱেশ দিৱসৰ গছপুলি ৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰি সাংসদগৰাকীয়ে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ বাবে সকলোকে গছপুলি ৰোপণ কৰিবলৈ আহ্বান জনায়।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here