প্ৰাগজ্যোতিষ বাৰ্তা, নলবাৰীৰ পৰা কুলদীপ গৌতম শৰ্মা, ৬ জুনঃ নগাঁও জিলাৰ জাজৰি ঢলপুৰীয়া গাঁওৰক্ষী বাহিনীৰ সম্পাদক ফণী বৰাক আৰক্ষীয়ে নিৰ্মমভাৱে হত্যা কৰা কাণ্ডক নলবাৰী ধমধমা গাঁওৰক্ষী বাহিনীয়ে তীব্ৰ গৰিহণা দিছে।
আজি ধমধমা উন্নয়ন সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত এখন প্ৰতিবাদী সভাত ফণী বৰাৰ হত্যাকাণ্ডৰ ন্যায়িক তদন্ত কৰি দোষী আৰক্ষীক উচিত শাস্তিৰ লগতে ফণী বৰাৰ পৰিয়ালক ২০ লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ দাবী জনোৱা হয়।
প্ৰতিবাদী সভাই অসমৰ সমূহ গাঁওৰক্ষী বাহিনীৰ লোকক নিৰাপত্তা দিবলৈ দাবী জনোৱাৰ উপৰি ফণী বৰাৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।
Facebook Comments