কঠীয়াতলী শঙ্কৰদেৱ বিদ্যা নিকেতনত ১০০ শতাংশ উত্তীৰ্ণ

প্ৰাগজ্যোতিষ বাৰ্তা, নগাঁৱৰ পৰা শান্তনু কুমাৰ শৰ্মা, ৬ জুনঃ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত কঠীয়াতলী শঙ্কৰদেৱ বিদ্যা নিকেতনত ১০০ শতাংশ উত্তীৰ্ণৰে অঞ্চলবাসী লৈ গৌৰৱ কঢ়িয়াই আনিছে।

২৪ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত প্ৰথম বিভাগত ১৪ গৰাকী, দ্বিতীয় বিভাগত ৭ গৰাকী আৰু তৃতীয় বিভাগত ৩ গৰাকী উত্তীৰ্ণ হয়।

উল্লেখ্য যে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ১৪ গৰাকীৰ ভিতৰত নয়না বৰাই ৬ টা বিষয়ত লেটাৰ মাৰ্ক সহ ডিষ্টিংচন লাভ কৰি তেওঁ মুঠ ৫৮০ নম্বৰ লাভ কৰে, শতাব্দী শইকীয়াই ৬ টা বিষয়ত লেটাৰ মাৰ্ক সহ ডিষ্টিংচন লাভ কৰি তেওঁ মুঠ ৫৬২ নম্বৰ লাভ কৰে আৰু ব্ৰীয়ন্তা ফামচং বৰদলৈ য়ে ৬ টা বিষয়ত লেটাৰ মাৰ্ক সহ ডিষ্টিংচন লাভ কৰি তেওঁ মুঠ ৫২৫ নম্বৰ লাভ কৰে।

আনহাতে ৫ গৰাকী পৰীক্ষাৰ্থীয়ে ষ্টাৰ মাৰ্ক সহ প্ৰথম বিভাগত উৰ্ত্তীণ হয় আৰু ৬ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত কিছুয়ে লেটাৰ মাৰ্ক সহ উৰ্ত্তীণ হয়।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here