আৰ্থিক স্বাৱলম্বীতা, জলবায়ু উচ্চতা হ্ৰাসৰ লক্ষ্যঃ বিশ্ব পৰিবেশ দিৱস উপলক্ষে বিজেপি জ্যেষ্ঠ নেতাৰ মাহজোৰা বৃক্ষ ৰোপণ কাৰ্য্যসূচীঃ

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনোজ ডেকা, ৬ জুনঃ ১৯৩৭ চনৰ পৰা বিশ্ব পৰিবেশ দিৱস হিচাপে সমগ্ৰ বিশ্ববাসীয়ে পালন কৰি আহিছে৷

পৃথিৱীক সেউজীয়াকৰণ কৰাৰ মূল মন্ত্ৰই হ’ল গছ৷ গছ-গছনি অবিহনে আই ধৰিত্ৰীৰ জলবায়ুৰ কেতিয়াও উষ্ণতা হ্ৰাস নহয়৷

সেইবাবেই সমগ্ৰ বিশ্ববাসীয়ে আজি গছ গাছনি ৰোপণত অধিক গুৰুত্ব আৰোপ কৰি আহিছে৷ এইক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সমগ্ৰ ৰাজ্যবাসীক বিশ্ব পৰিবেশ দিবস উপলক্ষে প্ৰতিজন নাগৰিকক এজোপা গছ ৰোপণ কৰিবলৈ আহ্বান জনায়৷

মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বিজেপিৰ ৰাজ্যিক মুখপত্ৰ তথা জ্যেষ্ঠ নেতা জয়ন্ত দাসে এমাহজোৰা গছ ৰোপন কাৰ্য্যসূচী ৰুপায়ণ কৰাৰ পদক্ষেপ গ্ৰহণ কৰে৷

বিশ্ব পৰিবেশ দিৱস উপলক্ষে শনিবাৰে মহানগৰীৰ গনেশ গুৰি স্হিত দিছপুৰ প্ৰেছ ক্লাৱৰ বাকৰিত বগা চন্দন আৰু অগৰু গছ ৰোপণ কৰি মাহজোৰা কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে জয়ন্ত দাসে৷

এইক্ষেত্ৰত বিজেপি নেতা দাসে কয় যে মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সহাৰি জনাই দিছপুৰ সমষ্টিৰ অন্তৰগত মন্দিৰ, নামঘৰ, বিদ্যালয়, মহাবিদ্যালয়ৰ লগতে অন্যান্য সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানত এই দুই ধৰণৰ গছ ৰোপণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷

ইয়াৰ বাবেই আৰ্থিক দিশত প্ৰাধান্য দিয়া হৈছে৷ এফালে জলাবায়ু নিয়ন্ত্ৰণ, আনফালে আৰ্থিক দিশত তনকীয়াল কৰাৰ উদ্দেশ্য লৈয়ে এই দীঘলীয়া পদক্ষেপৰ জৰিয়তে গোলপীয়া উষ্ণতা হ্ৰাস কৰাৰ লগতে অনুষ্ঠান প্ৰতিষ্ঠানসমূহে উন্নয়নৰ ক্ষেত্ৰত বাধা নহয় বুলি দাসে উল্লেখ কৰে৷

তেওঁ লগতে কয় যে এজোপা বগা চন্দন আৰু এজোপ অগুৰু গছৰ দহ-পোন্ধৰ বছৰত বজাৰ মুল্য প্ৰায় ৫-৮ লাখ টকা হয়৷

এই মূল্যবান গছ বিধক লাইফ ইঞ্চুৰেন্সৰ লগত তুলনা কৰিব পৰা যায়৷ মাত্ৰ ৬০-৭০ টকাৰে এজোপ গছ ক্ৰয় কৰি ৰোপণ কৰাৰ দহ পোন্ধৰ বছৰৰ মূৰত ৭–৮লাখ বজাৰ মূল্য হয়৷

সেইবাবেই অনুষ্ঠান প্ৰতিষ্ঠানসমূহে মুল্যবান বৃক্ষ ৰোপণ আৰু প্ৰতিপালনত অধিক গুৰুত্ব দিবলৈ সকলো অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতি আহ্বান জনায়৷

বিজেপি নেতাগৰাকীয়ে পুনৰ কয় যে কভিড ১৯ বাবে ৰাজ্যৰ বাহিৰত থকা বহুত যুৱক-যুৱতী অসমলৈ উভতি আহিছে সেইসকল যুৱক-যুৱতীয়ে নিজৰ ভূমিত এনেকৈ অতি মূল্যবান গছ ৰোপণ কৰি প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাৰ লগতে নিজেও স্বাৱলম্বী হ’ব পাৰিব৷

সেই বাবেই তেওঁ অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিগৰাকী নিবনুৱা যুবক-যুৱতীৰ উপৰিও বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিষয়ববীয়াসকলক বৃক্ষ ৰোপণ কৰি জলবায়ুৰ উষ্ণতা হ্ৰাস কৰাৰ লগতে আৰ্থিকভাৱে স্বাৱলম্বী হ’বলৈ অনুৰোধ জনায়৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here