লাচিত নগৰৰ কনকলতা পথৰ বাসীণ্ডাই খোৱা পানীৰ বাবে দুৰ্ভোগ ভুগিছেঃ গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ তাৎক্ষণিক পৰিদৰ্শনঃ শীঘ্ৰেই অঞ্চলবাসী ৰাইজক পানীযোগান ধৰাৰ বাবে গুৱাহাটী পৌৰনিগমক নিৰ্দেশ

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটীৰ পৰা মনোজ ডেকা, ৯ জুনঃ বিগত কিছুদিনৰ পৰা মহানগৰীৰ লাচিত নগৰৰ কনকলতা পথৰ বাসীণ্ডাসকলে গুৱাহাটী পৌৰনিগমৰ পানীৰ পৰা বঞ্চিত হৈ আছিল৷

অতি গেলা গৰমৰ সময়চোৱাত মহানগৰীৰ কনকলতা পথৰ বাসীণ্ডাসকলে বিগত দিনকেইটাত খোৱা পানীৰ বাবেই দুৰ্ভোগ ভুগিবলগীয়া হৈছে৷

প্ৰাপ্ত তথ্য অনুসৰি অন্চলবাসী ৰাইজে গুৱাহাটী পৌৰনিগমৰ কাৰ্য্যলয়লৈ তাতবাটি কৰিয়ো সুফল লাভ কৰা নাই ৷

স্হানীয় ৰাইজৰ একাংশ ব্যক্তিয়ে বাৰে বাৰে অভিযোগ দি অহাৰ পিছতো পৌৰ নিগমৰ এচাম কৰ্মচাৰীৰ গা লৰাব পৰা নাছিল৷

ইয়াৰ বাবেই এচাম ব্যক্তিয়ে বিভাগীয় মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক অৱগত কৰে৷

ৰাইজৰ অভিযোগৰ ভিত্তীত মন্ত্ৰীগৰাকীয়ে সোমবাৰে তাৎক্ষণিকভাৱে উক্ত অঞ্চল পৰিদৰ্শন কৰে৷

লাচিত নগৰৰ কনকলতা পথত পৰিদৰ্শন কৰি স্হানীয় ৰাইজ সৈতে মত বিনিময় কৰে মন্ৰী গৰাকীয়ে৷

সকলো দিশ চালিজাৰি চাই গুৱাহাটী পৌৰনিগমক শীঘ্ৰেই পানীযোগান ধৰাৰ নিৰ্দেশ প্ৰদান কৰে৷ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ পৰিদৰ্শন সময়ত পৌৰনিগমৰ কেইবাজনো বিষয়া উপস্থিত আছিল ৷

উল্লেখ্য যে মন্ত্ৰীগৰাকীৰ পৰিদৰ্শনে অঞ্চলবাসী ৰাইজে স্বস্তিৰ নিশ্বাস দিয়ে৷ লগতে একাংশ স্হানীয় ৰাইজে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক অশেষ ধন্যবাদ জ্ঞাপন কৰে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here