আশাৰ বতৰা আনিছে নয়নতৰা থিয়েটাৰেঃ শুভ নাট্যাৰম্ভ ১৩ আগষ্টত

প্ৰাগজ্যোতিষ বাৰ্তা,নলবাৰীৰ পৰা কুলদীপ গৌতম শৰ্মা, ৯ জুনঃ বৰ্তমান সময়ত চলি থকা ভ্ৰাম্যমাণ থিয়েটাৰৰ বিতৰ্কৰ মাজতে শিল্পীসকললৈ কিছু আশাৰ বতৰা কঢ়িয়াই আনিছে নয়নতৰা থিয়েটাৰে।

লকডাউনৰ এই সময়চোৱাত চৰকাৰে বিভিন্ন ক্ষেত্ৰত বহু শিথিলতা দিয়া পৰিলক্ষিত হৈছে যদিও ভ্ৰাম্যমাণ থিয়েটাৰৰ ক্ষেত্ৰত কিছু সেউজ সংকেত পালে সম্পূৰ্ণ চৰকাৰৰ নীতি নিয়মৰ মাজেৰে চলিত বৰ্ষৰ নাট্যযাত্রা আৰম্ভ কৰিব নয়নতৰা থিয়েটাৰে।

নয়নতৰা থিয়েটাৰে আগন্তুক নাট্যবৰ্ষত তিনিগৰাকী নাট্যকাৰৰ তিনিখন ভিন্ন ৰসৰ নাটক ইতিমধ্যে সাজু কৰিছে ।

সমৰেন্দ্ৰ বৰ্মনৰ গুৰুদেৱ, ৰঞ্জিত দাসৰ কলংক আৰু পংকজ চৌধুৰীৰ ৰাখী বন্ধন ।

য’ত অভিনয় কৰিব বলিষ্ঠ অভিনেতা প্ৰাণজিত দাস, যুগল কিশোৰ, দেৱলীনা আৰু চিমি বৰ্মন, মানস শৰ্মাকে ধৰি বহুতো ন পুৰণি শিল্পী।

ইতিমধ্যেই প্ৰযোজক নিকুঞ্জ দাসে জানিবলৈ দিয়া মতে, অহা ১৩ আগষ্টত নাট্যদলটোৱে নাট্যাৰম্ভৰ দিন ধাৰ্য্য কৰিছে।

নাট্যদলটোৱে চৰকাৰলৈ অনুমতি প্ৰদানৰ বাবে অনুৰোধ জনাইছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here