পোন প্ৰথমবাৰৰ বাবে অসমত অনলাইন সন্মিলন

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটী, ১০ জুনঃ ১০ জুন, ২০২০ বুধবাৰে আবেলি ৪ বজাত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ উদ্যোগত সমগ্ৰ অসমৰ প্ৰায় ৬ হাজাৰ ‘শক্তিকেন্দ্ৰৰ তত্বাৱধায়ক’সকলৰ সৈতেপোন প্ৰথমবাৰৰ বাবে অসমত এখন অনলাইন সন্মিলনৰ আয়োজন কৰা হৈছে৷

উক্ত সন্মিলন সম্ভোধন কৰিব ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি.এল. সন্তোষ আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসে৷

ভাৰতীয় জনতা পাৰ্টি , অসম প্ৰদেশৰ ৬০০০ গৰাকী শক্তিকেন্দ্ৰৰ তত্বাৱধয়ক, ৩৯৯ গৰাকী মণ্ডল সভাপতি, ৩৯ গৰাকী জিলা সভাপতি ২৪ গৰাকী ৰাজ্যিক বিষয়-ববীয়া ৮ গৰাকী মৰ্চাৰ ৰাজ্যিক সভাপতিক উক্ত সন্মিলনখনত অংশগ্ৰহণ কৰাৰ বাবে ইতিমধ্যে ইতিমধ্যে প্ৰয়োজনীয় ‘লিংক’ প্ৰেৰণ কৰা হৈছে৷

আজি আবেলি ৪ বজাত অনুষ্ঠিত হ’বলগীয়া ‘শক্তিকেন্দ্ৰ তত্বাৱধায়ক অনলাইন সন্মিলন’খন LIVE যোগে Facebook আৰু YouTube ত প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰা হৈছে৷

উক্ত লিংক দুটা ক্ৰমে-
Facebook- https://www.facebook.com/BJP4Assam/
Youtube- https://www.youtube.com/channel/UCpzk1gQAf9ojrOZOEGWxS9w

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here