যোৱা ২৪ ঘন্টাত সর্বাধিক, নতুন ক’ভিড-১৯ ৰোগী ১০,৯৫৬ গৰাকী ভাৰততঃ এদিনতে মৃত্যু ৩৯৬ জনৰ

প্ৰাগডেস্ক, ১২ জুনঃ ক’ৰ’ণা আক্ৰান্তৰ সংখ্যা খুব দ্ৰুত গতিত বৃদ্ধি হৈছে ভাৰতবৰ্ষত। যোৱা ২৪ ঘন্টাত সৰ্বাধিক ক’ভিড পজিটিভ ৰোগীৰ সংখ্যা হৈছে গৈ ১০,৯৫৬ জন, আৰু এই সময়চোৱাত মৃত্যুৰ সংখ্যা হৈছে ৩৯৬ জন।

ইয়াকে লৈ ভাৰতত বৰ্তমানলৈকে ক’ৰ’ণা আক্ৰান্তৰ সংখ্যা হৈছে গৈ প্ৰায় তিনি লাখৰ ওচৰা-ওচৰি। যোৱা ২৪ ঘন্টাৰ ১০,৯৫৬ জনকে ধৰি ভাৰতত মুঠ ৰোগীৰ সংখ্যা হ’ল ২,৯৭,৫৩৫ জন, ইয়াৰ ভিতৰত ১,৪৭,১৯৫ জন আৰোগ্য হৈছে (আৰগ্যৰ হাৰ ৪৯.৪ শতাংশ)।

দেশত বৰ্তমান মুঠ ১,৪১,৮৪২ সক্ৰিয় ক’ভিড-১৯ৰ আক্ৰান্ত থকাৰ বিপৰীতে দেশত বৰ্তমানলৈ ক’ভিড-১৯ ত মৃত্যু ঘটিছে সৰ্বমুঠ ৮,৪৯৮ জনৰ।

অসমৰ হেল্প লাইন নম্বৰ-৬৯১৩৩৪৭৭৭০

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here