শিশু শ্ৰমিক নিয়োগ কৰাৰ বিৰুদ্ধে সজাগতা অনাৰ প্ৰয়াস হোজাই জিলা আইন সেৱা প্ৰাধিকৰণ আৰু হোজাই উকীল সন্থাৰ

প্ৰাগজ্যোতিষ বাৰ্তা, লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ১২ জুনঃ আজি বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস।

বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱসৰ লগত সংগতি ৰাখি হোজাই জিলা আইন সেৱা প্ৰাধিকৰণ উদ্যোগত আৰু হোজাই উকীল সন্থা, চাইল্ড লাইনৰ সহযোগত হোজাই জিলাৰ লংকাত ৰাইজৰ মাজত শিশু শ্ৰমিক নিয়োগ কৰাৰ বিৰুদ্ধে এক সজাগতা অনাৰ প্ৰয়াস কৰে।

লংকা চহৰৰ বিভিন্ন প্ৰান্ততত শ্ৰমিক সজাগতাৰ ওপৰত লিফলেট্ বিতৰণ, সৰু-বৰ ব্যৱসায় প্ৰতিষ্ঠানে প্ৰতিষ্ঠানে গৈ শিশু শ্ৰমিক বিৰোধীতা সন্দৰ্ভত মানুহৰ মাজত সজাগতা অনাৰ প্ৰয়াস কৰে।

লগতে লংকা বাছ ষ্টেণ্ডৰ সমীপৰ গেলামাল দোকানৰ পৰা দুজন শিশু শ্ৰমিক, এনেৰিয়া পথৰ হোটেল এখনৰ পৰা এজন শিশু শ্ৰমিক আৰু পথৰ ওপৰত ভঙা-চিঙা বিচাৰি ফুৰা দুজন শিশু শ্ৰমিকক উদ্ধাৰ কৰা হয়।

উদ্ধাৰ কৃত পাঁচজন শিশু শ্ৰমিকক পিছত লংকা আৰক্ষী থানালৈ লৈ অহা হয়।

আনহাতে উক্ত সজাগতা অনুষ্ঠানত হোজাই জিলা আইন সেৱা প্ৰাধিকৰণ বিষয়া প্ৰণিতা মৰাং, জিলা উকীল সন্হাৰ সভানেত্ৰী ৰুহিনা উৱাৰিছ, সম্পাদক অমৰ জ্যোতি শ‌ইকীয়া, চাইল্ড লাইনৰ মিন্তু শৰ্মা আৰু লংকা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিশ্বজ্যোতি শৰ্মা উপস্হিত থাকে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here