হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক শান্তনু ভৰালীৰ সম্বৰ্ধনা

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনোজ ডেকা, ১৩ জুনঃ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰ্থিক বাধা নেওচি সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰছাত্ৰী সকলক মুখ্যমন্ত্ৰী আইন উপদেষ্টা শান্তনু ভৰালীয়ে ১২ জুনত সম্বৰ্ধনা জনাই৷

জানিব পৰা মতে, মহানগৰীৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী বিদ্যালয়ৰ পৰা আৰ্থিক বাধা নেওচি সুখ্যাতিৰে উত্তীৰ্ণ হোৱা প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীক একোখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে একোখন অভিধান উপহাৰ দিয়ে৷

ক’ৰ’ণা মহামাৰীৰ বাবে সামাজিক দূৰত্ব বজায় ৰাখি মহানগৰীৰ শিলপুখুৰী, চানমাৰি, আমবাৰী, গান্ধীবস্তী, নৱগ্ৰহ, উজানবজাৰকে ধৰি বিভিন্ন অঞ্চলৰ শিক্ষাৰ্থীসকলৰ নিজ বাসগৃহত উপস্থিত হৈ সম্বৰ্ধনা জনায় মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টাগৰাকীয়ে৷

এইক্ষেত্ৰত শান্তনু ভৰালীয়ে জানিবলৈ দিয়ে যে সদ্যঘোষিত হাইস্কুল শিক্ষাৰ্থীসকলে যঠেষ্ট কষ্টেৰে পৰীক্ষা দিবলগা হৈছিল৷

কিয়নো সেই সময়ছোৱাত কা’ বিৰোধী আন্দোলনে ব্যাপক ৰূপ লৈছিল৷

তেনেস্থলত এচাম ছাত্ৰ-ছাত্ৰীয়ে সকলো বাধা নেওচি সুখ্যাতিৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে৷ আৰ্থিক বাধাৰ লগতে অন্যান্য বাধা যে শিক্ষাগ্ৰহণত হেঙাৰ নহয় সেয়া প্ৰমাণিত হ’ল হাইস্কুল পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰছাত্ৰীসকলৰ পৰাই৷

এইক্ষেত্ৰত উত্তীৰ্ণ শিক্ষাৰ্থীসকলক সামন্য উৎসাহ জগোৱাৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰা বুলি ভৰালীয়ে উল্লেখ কৰে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here