মাজবাটৰ ফুলগুৰি গাঁৱৰ পাগলা নদীৰ কাঠৰ দলং ভাঙি নদীত পৰিল এখন ট্ৰেক্টৰঃ অনভিজ্ঞ ঠিকাদাৰৰ বাবে এবছৰৰ ভিতৰত দলং ভাঙিল

প্ৰাগজ্যোতিষ বাৰ্তা, মাজবাটৰ পৰা যতীন নাথ, ১৩ জুনঃ ওদালগুৰি জিলাৰ ৩৯ নং পাচনৈ চেৰফাং বিটিচি পৰিষদীয় আৰু ৭০ নং মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত ফুলগুৰি ভিচিডিচিৰ পাগলা নদীৰ কাঠৰ দলং ভাঙি ৯জুনত এখন ট্ৰেক্টৰ নদীত পৰে।

খবৰ অনুসৰি ৰাতিপুৱা ৮ মান বজাত জৰাজীৰ্ণ কাঠৰ দলংখনৰ ওপৰেৰে এখন ট্ৰেক্টৰখন পাৰ হ’বলৈ ধৰাত কাঠৰ দলংৰ মাজভাগ ভাঙি টেক্টৰসহ চালক চিমলিগাঁৱৰ মোনথাই বসুমতাৰী নদীত পৰি যায়।

লগে লগে স্থানীয় ৰাইজে ট্ৰেক্টৰ চালকক নদীৰ পৰা উদ্ধাৰ কৰে। জানিব পৰা মতে টেক্টৰ চালকজনৰ এখন হাত ভাঙি যায়।

স্থানীয় ৰাইজে অভিযোগ কৰে যে বিটিচি পৰিষদীয় চৰকাৰে উন্নয়নৰ ঢাক-ধোল বজায় থাকি যোৱা ১৫ বছৰে শাসনত থকা স্থানীয় কাৰ্যবাহী সদস্যগৰাকীৰ ভূমিকাত স্থানীয় ৰাইজ ক্ষুন্ন হৈ পৰে।

যোৱা বছৰ স্থানীয় বিধায়কগৰাকীয়ে বিধায়ক পুঁজিৰ পৰা দলংখন নিৰ্মাণৰ বাবদ প্ৰায় ৩০লাখ টকা মোকলাই দিছিল যদিও এবছৰ সম্পূৰ্ণ নৌহওতেই এনেদৰে দলংখন ভাঙি যোৱাত ৰাইজৰ মাজত সন্দেহ উপজিছে ।

অনভিজ্ঞ ঠিকাদাৰ আৰু স্থানীয় বিটিচিৰ কাৰ্যবাহী সদস্য শ্যাম চুণ্ডী আৰু মাজবাট বিধানসভা সমষ্টিৰ বিধায়ক চৰণ বড়োৰ অমনোযোগীতা আৰু নিজৰ পচন্দৰ অনভিজ্ঞ ঠিকাদাৰক দলং নিৰ্মাণ কৰিবলৈ দিয়া বাবদ ফুলগুৰি গাঁৱৰ ছয়খন গাঁৱৰ ৰাইজে যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভূগিব লগা হৈছে বুলি স্থানীয় ৰাইজে সাংবাদিকক জানিবলৈ দিয়ে।

স্থানীয় সাংবাদিকৰ লগত প্ৰাক্তন বিটিচিৰ কাৰ্যবাহী সদস্য শ্যাম চুণ্ডীয়ে ফোনৰে অৱগত কৰে যে পাগলা নদীৰ কাষত নতুনকৈ নিৰ্মাণ চলি থকা পকী দলংখনৰ নিৰ্মাণ এটা বছৰে সম্পূৰ্ণ নোহোৱাৰ বাবে আশ্চৰ্য প্ৰকাশ কৰে।

অতি সোনকালে যাতে পকী দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হয় তাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাৰ কথা জানিবলৈ দিয়ে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here