প্ৰাগজ্যোতিষ বাৰ্তা, মাজবাটৰ পৰা যতীন নাথ, ১৩ জুনঃ ওদালগুৰি জিলাৰ মাজবাট ৰাজহ চক্ৰৰ অন্তৰ্গত মাজবাট মহাবিদ্যালয়ৰ কোৱাৰেন্টাইন শিৱিৰত ১২ জুনৰ দিনৰ ১২ মান বজাত এক অগ্নিকাণ্ড সংঘটিত হয়।
জানিব পৰা মতে, কোৱাৰেন্টাইন শিৱিৰত থকা বহিঃৰাজ্যৰ পৰা অহা লোকসকলক কোৱাৰেন্টাইন শিৱিৰৰ পৰা যাবলৈ নিদিয়াৰ বাবে শিৱিৰত থকা লোকসকলে অগ্নিকাণ্ডটি সংঘটিত কৰে।
শিবিৰৰ ভিতৰত থকা লোকসকল উত্তেজিত হৈ শিবিৰত থকা পাঁচখন বিছনা জ্বলাই দিয়াৰ লগতে বাহিৰৰ গেট ভাঙি ওলাবলৈ চেষ্টা কৰে।
লগতে শিলগুটিও নিক্ষেপ কৰি পৰিবেশ উত্তেজিত কৰি তোলে। পিছত মাজবাট ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ধৃতিমান দাস ,মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজা ইৰছাদ আৰু স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰী আৰক্ষী প্ৰশাসনৰ তৎপৰতাত জুই নিয়ন্ত্ৰণ কৰাৰ লগতে উত্তেজিত লোকসকলক শান্ত কৰি কোৱাৰেন্টাইন শিৱিৰৰ ভিতৰলৈ যাবলৈ দিয়া হয়।
বৰ্তমান মাজবাট মহাবিদ্যালয়ৰ কোৱাৰেন্টাইন শিৱিৰত বহিঃৰাজ্যৰ পৰা ৭৭ গৰাকী লোক কোৱাৰেন্টাইন হৈ আছে।
ইফালে আজি মাজবাটত চাৰিজনৰ দেহত ক’ৰ’ণা পজিটিভ ধৰা পৰাৰ লগে লগে মাজবাটত ২৩ জনলৈ বৃদ্ধি হয় ক’ৰ’ণা পজিটিভৰ সংখ্যা।
ইয়াৰে তিনিজন মাজবাট মহাবিদ্যালয়ৰ কোৱাৰেন্টাইন শিৱিৰত থকা ক্ৰমে হৰিশিঙা আৰক্ষী থানাৰ এলেকাৰ কোৰামোৰ চাহ বাগিচাৰ অৰ্জন মুণ্ডা (২১), পানেৰী আৰক্ষী থানাৰ এলেকাৰ ভূটিয়াচাংৰ মাকুন ৰাজপুত (২৮), ওৰাং আৰক্ষী থানাৰ এলেকাৰ ১ নং শইকীয়া চুবুৰী গাঁৱৰ অজয় পাল (৩০) আৰু আনজন মাজবাট ৰাজহ চক্ৰৰ অন্তৰ্গত গছেনপুৰৰ নিলমণি হেমৰূম (২৩) বুলি জানিব পৰা গৈছে।
স্বাস্থ্য বিভাগৰ পৰা জানিব পৰা মতে, মহিলা গৰাকী সাত মাহৰ গৰ্ভৱতী। আটাইকেইগৰাকীক ইতিমধ্যেই ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।