চামগুৰিত দুখনকৈ চোৰাংকাঠ ভৰ্তি গাড়ী জব্দ

প্ৰাগজ্যোতিষ বাৰ্তা, চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা, ১৫ জুনঃ নগাঁও জিলাৰ শালনা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত মোৱামাৰী আৰু কঠাগুৰিত আজি আৰক্ষী আৰু বন বিভাগৰ লোকে পৃথকে পৃথকে অভিযান চলাই দুখন চোৰাং কাঠ ভৰ্তি গাড়ী জব্দ কৰিবলৈ সক্ষম হয়৷

জানিব পৰা মতে, চাপানালা খণ্ড বন কাৰ্যালয়ৰ বন বিষয়া নজমুল আহমেদৰ নেতৃত্বত এটা বন কৰ্মী দলে দেওবাৰে এক গোপন সূত্ৰৰ পম খেদি কঠালগুৰি অঞ্চলত চোৰাং কাঠৰ বিৰুদ্ধে অভিযান চলাই৷

পৰৱৰ্তী সময়ত বন কৰ্মীৰ দলটোৱে কঠালগুৰি অঞ্চলৰ মেজিগাৱঁৰ পথৰ পৰা মূল্যবান চোৰাংকাঠ ভৰ্তি এএছ ৩ ই ৪৩২৮ নম্বৰৰ টাটা মোৱাইল গাড়ী জব্দ কৰে যদিও গাড়ীখনৰ চালক সহ দুজন লোক পলাই যাবলৈ সক্ষম হয় বুলি বন বিভাৰগ এক সূত্ৰই জানিবলৈ দিয়ে৷

বন বিভাগে জব্দ কৰা চোৰাং শাল কাঠৰ ২৫ টা ফান্টাৰ বজাৰৰ মূল্য প্ৰায় অৰ্ধলক্ষাধিক টকা হ’ব বুলি জানিবলৈ দিয়াৰ লগতে বৰ্তমান উক্ত চোৰাং কাঠ ভৰ্তি গাড়ীখন চাপানালা বন কাৰ্যালয়ত আছে বুলি জানিব পৰা গৈছে ৷

আনহাতে মোৱামাৰী আৰক্ষী চকীৰ আৰক্ষীয়ে দেওবাৰে মোৱামাৰী অঞ্চলৰ পথৰ পৰা এএছ ০২ ই ৩০৫৯ নম্বৰৰ এখন চোৰাং কাঠ ভৰ্তি গাড়ী জব্দ কৰি পৰৱৰ্তী সময়ত শালনা বনাঞ্চলিক কাৰ্যালয়ৰ এটা বন কৰ্মী দলৰ হাতত চমজাই দিয়ে৷

আৰক্ষীয়ে জব্দ কৰা চোৰাং মাকৈ শালৰ ৫৮ টা কাঠৰ টুকুৰা খিনি বজাৰৰ মূল্য প্ৰায় অৰ্ধলক্ষাধিক টকা হ’ব বুলি বন বিভাগে জানিবলৈ দিয়াৰ লগতে উক্ত চোৰাং কাঠ ভৰ্তি গাড়ীখল শালনা বন কাৰ্যালয়ত আছে বুলি জানিবলৈ দিয়ে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here