প্ৰাগজ্যোতিষ বাৰ্তা, নলবাৰীৰ পৰা কুলদীপ গৌতম শৰ্মা, ১৫ জুনঃ ʼশাখা সাহিত্য সভাসমূহৰ সক্ৰিয়তাইহে অসম সাহিত্য সভাক শক্তিশালী কৰিছে । সাহিত্য প্ৰাত্যহিক সমাজজীৱনৰ দাপোন স্বৰূপ।
তেনেদৰে একোটা অঞ্চলৰ বাবে অসম সাহিত্য সভাৰ শাখা একোখন হৈছে সংশ্লিষ্ট সেই অঞ্চলৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ অংগ।
শাখা সাহিত্য সভাখনক বা সেই সভাৰ কাম–কাজক বাদ দি সেই অঞ্চলৰ ইতিহাস সম্পূৰ্ণ হ’ব নোৱাৰে।
অৰ্থাৎ সাহিত্য সভা একোটা অঞ্চলৰ সোণসেৰীয়া ইতিহাসৰ সৈতে বাৰুকৈয়ে সংপৃক্ত ।
সাহিত্যই সমাজৰ প্ৰতিচ্ছবি দাঙি ধৰাৰ দৰে সাহিত্য সভাৰ শাখা একোখনেও সমাজৰ সুশীল ৰুচিৰ ছবি জনগণৰ আগত তুলি ধৰে । ʼ এই মন্তব্য নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাৰ।
১৪জুনত ধমধমা আঞ্চলিক শাখা সাহিত্য সভাৰ নতুন সমিতিৰ কাৰ্যভাৰ অৰ্পণ অনুষ্ঠানত উপস্হিত থাকি সম্পাদক বেজবৰুৱাই এইদৰে কয়।
ধমধমা আঞ্চলিক শাখা সাহিত্য সভাৰ বিদায়ী সভাপতি খনীন্দ্ৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত নতুন সভাপতি অনন্ত মোহন দাস, উপ সভাপতি হিতেশ পাটগিৰি , সম্পাদক অংকুৰ কুমাৰ দাস, বিদায়ী সম্পাদক ভূৱনেশ্বৰ বৈশ্য, আজীৱন সভ্য ভবেন্দ্ৰনাথ তালুকদাৰ আৰু নলবাৰী জিলা সাহিত্য সভাৰ কোষাধ্যক্ষ প্ৰমোদ ডেকায়ো বক্তব্য আগবঢ়ায়।