কেন্দ্ৰীয় চৰকাৰৰ ONGC অসম সম্পদৰ তেলখাদ সমূহ ব্যক্তিগত কোম্পানীক বিক্ৰী কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে এক প্ৰতিবাদী সভাঃ উপস্থিত বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া

প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰৰ পৰা মুকুল বাইলুং, ১৫ জুনঃ উজনি অসমৰ শিৱসাগৰ জিলাৰ বিভিন্ন ঠাইত থকা তৈলক্ষেত্ৰসমূহ ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিয়াৰ প্ৰতিবাদত শিৱসাগৰ জিলাৰ হাঁহচৰাৰ ঢেকেৰী গাঁৱৰ যুৱ বিকাশ কেন্দ্ৰত এক প্ৰতিবাদী সভা অনুষ্ঠিত হয়।

বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াৰ উপস্থিতিত মুম্বাইৰ ৰুদান্ত নামৰ এটা ব্যক্তিগত কোম্পানীৰ হাতত তৈলক্ষেত্ৰসমূহ গতাই দিয়া কাৰ্য্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।

প্ৰকৃতিপ্ৰদত্ত পনীয়াসোণ সদৃশ খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ, ব্যক্তিগত কোম্পানীক দিয়াৰ ক্ষেত্ৰত সন্মত নহয় বুলি প্ৰতিবাদী সভাত সিদ্ধান্ত গ্ৰহণ কৰে।

শিৱসাগৰ জিলাৰ ডিমুৱাল তেল পথাৰ, হাঁহচৰা, চেৰেকাপাৰ, খেলুৱা, লাচিত আৰু বেতবাৰী গাওঁ পঞ্চায়তৰ লগতে শিৱসাগৰ নগৰলৈকে আৰু শিলাকুটি মৌজাৰো একাংশ তৈলক্ষেত্ৰ ব্যক্তিগত কোম্পানীক দিয়াৰ প্ৰস্তুতি চলোৱা কাৰ্য্যক কোনোপধ্যেই মানি লোৱা নহ’ব বুলি সভাই সিদ্ধান্ত গ্ৰহণ কৰে।

লগতে গণ-স্বাক্ষৰ গ্ৰহণ কৰি প্ৰয়োজন সাপেক্ষে বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও সকীয়াই দিয়ে অসম তথা কেন্দ্ৰীয় চৰকাৰক।

লগতে সভাই ডিমুৱাল তৈলক্ষেত্ৰ ব্যক্তিগতকৰণ বিৰোধী গণমঞ্চ নামেৰে এখন সৱল সমিতি গঠন কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here