প্ৰাক্তন পাৰিষদ বলেন ভড়ালীক বেয়া ব্যৱহাৰ কৰা নাই মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যইঃ প্ৰত্যক্ষদৰ্শীৰ মতে, সৰু ঘটনাকে সাংবাদিকে দিলে অন্য এক ৰূপ

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটী, ১৬ জুনঃ গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই প্ৰাক্তন পাৰিষদ বলেন ভড়ালীক বেয়া ব্যৱহাৰ কৰা বুলি ওলোৱা অভিযোগ প্ৰত্যক্ষদৰ্শীৰ মতে ভিত্তিহীন৷

একাংশ প্ৰত্যক্ষ দৰ্শীৰ মতে এয়া এটা ব্যক্তিগত টেলিভিশ্বন চেনেলে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে চলোৱা অপপ্ৰচাৰহে মাত্ৰ৷

জানিব পৰা মতে, চলিত মাহত সাতপুখুৰী পানী যোগান কেন্দ্ৰৰ দুটা পানীৰ পাম্প বিকল হোৱাৰ বাবেই সচেতন নাগৰিক হিচাপে প্ৰাক্তন পাৰিষদ বলেন ভড়ালী, প্ৰাক্তন মেয়ৰ ক্ৰমে মৃগেন শৰনীয়া, কুশল শৰ্মা, প্ৰাক্তন এৰিয়া সভাৰ সদস্য দিলিপ বড়ো সহ কেইবাগৰাকী প্ৰাক্তন পাৰিষদে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱজ্যোতি হাজৰিকাৰ হাতত লিখিত অভিযোগ দিয়ে৷

তেওঁলোকৰ অভিযোগ ২০১৯ বৰ্ষৰ শেষৰ ভাগত পৌৰ নিগমে ২৬ টা পানীৰ পাম্প ক্ৰয় কৰে পুনেৰ এক ব্যক্তিগত প্ৰতিষ্ঠানৰ পৰা৷

ইয়াৰে দুটা পাম্প মে’ মাহত বিকল হয়৷ সেইবাবেই অঞ্চলবাসী ৰাইজে কিছুদিনৰ বাবে পানীৰ সমস্যাত দুৰ্ভোগ ভোগে৷

ৰাইজৰ স্বাৰ্থত পৌৰ নিগমৰ তৰফৰ পৰা তাৎক্ষণিকভাৱে অভিযোগ দিয়া ব্যক্তিসকলৰ লগত ৰবিবাৰে এক মতবিনিময় অনুষ্ঠানৰ আয়োজন কৰা হয়৷

উক্ত মত বিনিময় অনুষ্ঠানত ভাবৰ আদন-প্ৰদানৰ বাবে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যও উপস্থিত থাকে৷

তাৰে কেইমুহূৰ্তমান আগতে মন্ত্ৰীগৰাকীয়ে ঘটনাটোৰ সম্পূৰ্ণ তথ্য সহকাৰে ৰাইজৰ জ্ঞাতৰ্থে এক সংবাদ মেল সম্বোধন কৰে৷

সংবাদ মেল অন্ত পৰাৰ লগে লগেই আটাইকেইগৰাকী সচেতন নাগৰিকৰ লগত বিষয়টোৰ ওপৰত মনৰ ভাব আদান – প্ৰদান কৰিবলৈ আৰম্ভ কৰে৷

তেনেতে প্ৰাক্তন পাৰিষদ বলেন ভড়ালীয়ে মন্ত্ৰীগৰাকীক ‘‘তুমি’’ বুলি সম্বোধন কৰে৷ তেতিয়া মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই বলেন ভড়ালীক উদ্দেশ্যি কয় আমি এতিয়া চৰকাৰীভাৱে আয়োজিত অনুষ্ঠানত আছো৷

গতিকে সামাজিকভাৱে ব্যৱহাৰ কৰা ভাল হ’ব৷ এই যুক্তিসংগত কথাখিনি কোৱাৰ বাবেই মন্ত্ৰীগৰাকী যেন জগৰীয়া হৈ পৰিল৷ লগে লগে এচাম ইলেক্ট্ৰনিক মিডিয়াই ভিজুৱেল সংগ্ৰহ কৰি বাৰে বাৰে মন্ত্ৰীগৰাকীয়ে বলেন ভড়ালীক দুৰ্ব্যৱহাৰ কৰা বুলি অপবাখ্যাৰে বাতৰি সম্প্ৰচাৰ কৰাত লাগি পৰিল৷

মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈকে এনেদৰে এচামে মনেসজা বাতৰি পৰিবেশন কৰা বুলি একাংশ প্ৰত্যক্ষদৰ্শীয়ে আক্ষেপ কৰে৷

এইক্ষেত্ৰত বলেন ভড়ালীয়ে নিজৰ ভুলটো স্বীকাৰ কৰাৰ সলনি প্ৰকাৰন্তৰে ক’ব বিচাৰিছে যে সেই বৈঠকখন ঘৰুৱা আছিল৷দৰাচলতে তেওঁ ভৱাৰ দৰে বৈঠকখন ঘৰুৱা হ’ব নোৱাৰে৷

কিয়নো তেওঁলোকক গুৱাহাটী পৌৰনিগমৰ তৰফৰ পৰা নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰিহে আমন্ত্ৰণ জনোৱা হৈছিল বুলি পৌৰনিগমৰ বিষয়াসকলে আমাৰ সাংবাদিকক অৱগত কৰে৷

তদুপৰি মতবিনিময় অনুষ্ঠানত পৌৰ নিগমৰ আয়ুক্ত দেৱজ্যোতি হাজৰিকা, অতিৰিক্ত উপায়ুক্ত পুলক মহন্ত, পৌৰনিগমৰ অধীক্ষক অভিযন্তা মনোৰঞ্জন ভৰালী, অভিযন্তা হেমন্ত কলিতাৰ লগতে কেইবাগৰাকী বিষয়া কৰ্মচাৰী উপস্থিত আছিল৷

প্ৰত্যক্ষদৰ্শী একাংশ ব্যক্তিয়ে আমাৰ সাংবাদিকক জনাই যে বৈঠকখন যদি ভড়ালীয়ে প্ৰতিপন্ন কৰিব বিচৰাৰ দৰে ঘৰুৱাই আছিল তেনেহ’লে চৰকাৰী এইসকল বিষয়া-কৰ্মচাৰী কিয় উপস্থিত থাকিলহেঁতেন৷

অভিযোগ দিয়া ব্যক্তিসকলৰ লগত হোৱা বৈঠকখন চৰকাৰীভাৱেই যে আয়োজিত আছিল সেই কথাটো অভিজ্ঞ ব্যক্তি তথা প্ৰাক্তন পাৰিষদ বলেন ভড়ালী বা বাতৰিটোৰ অপবাখ্যা আগবঢ়োৱা সাংবাদিককেইজনৰো নিশ্চিতভাৱে জ্ঞাত বুলিও কিছুসংখ্যকে আক্ষেপ কৰিছে ৷

সেইবাবেই মন্ত্ৰীগৰাকীয়ে ৰাজহুৱাভাৱে মতবিনিময় অনুষ্ঠানলৈ আগবাঢ়িব বিচাৰিছিল৷ সেইটোকে এটা টেলিভিশ্বন চেনেলে অন্য এক ৰূপ দি প্ৰচাৰ কৰি মন্ত্ৰীগৰাকীক ৰাইজৰ মাজত হেয় প্ৰতিপন্ন কৰিবলৈ বিচাৰিছে বুলি এচাম সচেতন নাগৰিকে আমাৰ সাংবাদিকক জানিবলৈ দিয়ে৷

তেওঁলোকৰ মতে, মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ব্যক্তিগত আক্ৰোশ থকাৰ বাবেই হয়তো তেনেকুৱা পদক্ষেপেৰে বাতৰি সম্প্ৰচাৰ কৰিছে, সেয়া অৱশ্যে সাধাৰণ ৰাইজে বুজি পাবলৈ বাকী নাই৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here