চামগুৰি আমবাগানত অবৈধ কাঠফলা মিল উৎখাত

প্ৰাগজ্যোতিষ বাৰ্তা, চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা, ১৬ জুনঃ নগাওঁ জিলাৰ শালনা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বৰজুৰিত বন বিভাগে অভিযান চলাই চোৰাং কাঠ জব্দ কৰাৰ লগতে আমবাগানত অবৈধ কাঠফলা মিল উৎখাত কৰিবলৈ সক্ষম হয়৷

জানিব পৰা মতে, শালনা বনাঞ্চলিক বিষয়া নেপাল মণ্ডলৰ নেতৃত্বত আৰু বন পালক প্ৰনৱ বৰাৰ সহ এটা বন কৰ্মীৰ দলে দেওবাৰে নিশা এক গোপন সূত্ৰৰ পম খেদি বৰজুৰি অঞ্চলত অভিযান চলাই ১৪ টা মূল্যবান চোৰাং কাঠৰ ফান্ট্ৰা জব্দ কৰিবলৈ সক্ষম হয় ৷

কাৰ্বি আংলং জিলাৰ পাৰ্কুপ পাহাৰ বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ বৰজুৰি খণ্ড বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত অঞ্চলৰ পৰা চোৰাং কাঠখিনি সৰবৰাহ কৰি বৰজুৰি অঞ্চলত মজুত কৰি ৰাখিছিল বুলি বন বিভাগে জানিবলৈ দিয়ে৷

আনহাতে সোমবাৰে  শালনা বন বিভাগে আমবাগান অঞ্চলত অবৈধ কাঠ ফলা মিলৰ বিৰুদ্ধে অভিযান চলাই নিতাই মণ্ডল নামৰ লোক জনৰ অবৈধ কাঠ ফলা মিলটোৰ যন্ত্ৰাংশসমূহ জব্দ কৰে৷

বন বিভাগৰ লোকে জব্দ কৰা কাঠ মিলটোৰ যন্ত্ৰাংশসমূহ খেৰৰ মেজিৰ তলত লুকুৱাই ৰাখিছিল বুলি বন বিভাৰ এক সূত্ৰই জানিবলৈ দিয়াৰ লগতে জব্দ কৰা চোৰাং কাঠখিনি আৰু অবৈধ কাঠমিলটোৰ যন্ত্ৰাংশসমূহ শালনা বনাঞ্চলিক কাৰ্যালয়ত আছে বুলি জানিব পৰা গৈছে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here