প্ৰাগজ্যোতিষ বাৰ্তা, নগাঁৱৰ পৰা শান্তনু কুমাৰ শৰ্মা, ১৬ জুনঃ পঞ্চম পৰ্যায়ৰ লগডাউনত দিনক দিনে বাঢ়ি অহা ক’ৰ’ণা আক্ৰান্তৰ প্ৰতি চৰকাৰে কেৰেপ নকৰি খুলি দিলে সাপ্তাহিক বজাৰ আৰু স্বপিং মলসমূহ।
এনে অবিবেচক কৰ্মই কৰোণা বৃদ্ধিত অৰিহণাহে যোগাব বুলি মন্তব্য কৰিছে সচেতন ৰাইজে।
কঠীয়াতলী অৰ্ধ সাপ্তাহিক বজাৰ আজি আংশীকভাৱে বহে। চৰকাৰে, মাস্ক পিন্ধি আৰু সামাজিক দূৰত্ব বজাই ৰাখিহে বজাৰ খোলাত অনুমতি প্ৰদান কৰে যদিও আজিৰ বজাৰত এনে নিয়মসমূহে ধোৱা চাঙতহে স্থান পাইছে যেন অনুভৱ হয়।
বজাৰৰ ক্ৰেতা আৰু বিক্ৰেতাসকলক মাস্ক পৰিধান কৰাটো দেখা নগ’ল। সমগ্ৰ বজাৰত সামাজিক দূৰত্বক ভৰিৰে মোহাৰী ৰাইজে বজাৰত ভিৰ কৰা পৰিলক্ষিত হয়।
নীতি-নিৰ্দেশনাসমূহ পালনত বজাৰ কমিটিসমূহ দায়বদ্ধ থাকি বজাৰ খুলিবলৈ দাবী সচেতন ৰাইজৰ।
কেবামাহ ধৰি লগ ডাউনৰ ফলত বন্ধহৈ থকাৰ বাবে বজাৰসমূহৰ মহলদাৰে বৃহৎ লোকচানৰ সন্মুখীন হৈছে বুলি বজাৰ কমিটিয়ে জানিবলৈ দিয়ে।