চামগুৰিত বিজেপিৰ জনসম্পৰ্ক অভিযানৰ শুভাৰম্ভঃ কংগ্ৰেছৰ দুৰ্গৰূপে খ্যাত চামগুৰি ৰকিবুল হুছেইনক প্ৰতিহত কৰিবলৈ স্থানীয় বিজেপি নেতাক দলীয় টিকট দিয়াৰ পোষকতা—চুম ৰংহাং

প্ৰাগজ্যোতিষ বাৰ্তা, চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা, ১৭ জুনঃ বিজেপিৰ সংগঠনিক স্থিতি মজবুত কৰা তথা আগুন্তুক নিৰ্বাচনৰ কুছকাৱাজৰ উদ্দেশ্য আগত ৰাখি ১৬ জুনত সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাৰ চামগুৰিতো অসম চৰকাৰৰ পাহাৰীয়া উন্নয়ন, খনি আৰু খনিজ দপ্তৰৰ কেবিনেট মন্ত্ৰী চুম ৰংহাঙে জনসম্পৰ্ক অভিযানৰ শুভাৰম্ভ কৰে৷

আজিৰে পৰা অহা ৩০ জুনৰ ভিতৰত ৰাজ্যৰ ৫০ লাখ পৰিয়ালৰ ঘৰলৈ গৈ বিজেপিৰ নেতা-সদস্যসকলে জনসম্পৰ্ক স্থাপন কৰাৰ অংশ হিচাপে আজি বিজেপিৰ মন্ত্ৰী-বিধায়কসকলে সমগ্ৰ ৰাজ্যত উক্ত অভিযানৰ শুভাৰম্ভ কৰা পৰিলক্ষিত হয়৷

আজি নগাঁও জিলা চামগুৰি সমষ্টিৰ বাজিয়াগাঁও উন্নয়ন খণ্ডৰ অন্তৰ্গত ভেলেউগুৰি গাঁও পঞ্চায়তৰ শ্ৰীশ্ৰী ব্ৰহ্মচাৰী সত্ৰ এলেকাৰ কেইবাটিও পৰিয়ালৰ ঘৰলৈ গৈ মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰীৰ পত্ৰ, অসমবাসীলৈ মুখ্যমন্ত্ৰীৰ পত্ৰ আৰু আস্থা আৰু বিশ্বাসৰ অনন্য যাত্ৰা নামেৰে তিনিখনকৈ প্ৰচাৰ পত্ৰিকা বিতৰণ কৰাৰ লগতে ৰাইজৰ লগত মত বিনিময় কৰে৷

বাজিয়াগাঁও মণ্ডল বিজেপিৰ সভাপতি বিৰেণ শইকীয়াৰ বাসগৃহৰ পৰা শুভাৰম্ভ কৰা উক্ত কাৰ্যসূচীত কলিয়াবৰ জিলা বিজেপিৰ সাধাৰণ সম্পাদক বিৰাজ কুমাৰ নন্দী, সম্পাদক প্ৰাণজিৎ বৰা, চামগুৰি জিলা পৰিষদৰ সদস্যা ৰীতা কাকতি বৰা, ভেলেউগুৰি গাঁও পঞ্চায়তৰ সভানেত্ৰী নিৰমাই দাসকে ধৰি বহুকেইগৰাকী নেতা কৰ্মীয়ে অংশ গ্ৰহণ কৰে৷ জনসম্পৰ্ক অভিযানত মন্ত্ৰীগৰাকীয়ে আজি ৰাইজৰ আগত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ উন্নয়নৰ খতিয়ানসমূহ দাঙি ধৰাৰ লগতে আগুন্তুক নিৰ্বাচনত ৰাইজক জাতি, বৰ্ণ, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলোকে সহায়, সহযোগ কৰি দলটোৰ ভেটি শক্তিশালী কৰিবলৈ আহ্বান জনায়৷

উল্লেখ্য যে মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ দুৰ্গৰূপে খ্যাত চামগুৰি সমষ্টিত ৰকিবুল হুছেইনক প্ৰতিহত কৰিবলৈ তথা চামগুৰি সমষ্টিবাসী ৰাইজৰ সৰ্বাঙ্গীন উন্নয়নৰ স্বাৰ্থত স্থানীয় বিজেপি নেতাক দলীয় টিকট দি দলক শক্তিশালী কৰাৰ পোষকতা কৰে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here