নলবাৰী জিলা সাহিত্য সভাৰ সভাপতিৰ বাসগৃহত বিজেপি নেতৃত্বঃ বিজেপিৰ জনসংযোগ অভিযান আৰম্ভ

প্ৰাগজ্যোতিষ বাৰ্তা, নলবাৰীৰ পৰা কুলদীপ গৌতম শৰ্মা, ১৭ জুনঃ বিজেপিয়ে ১৬ মে’ৰ পৰা ৰাজ্যত আৰম্ভ কৰিছে জনসম্পৰ্ক অভিযান।

নলবাৰীত এই কাৰ্যসূচীৰ অংশ হিচাপে স্থানীয় বিধায়ক অশোক শৰ্মাৰ সৈতে আন বিজেপিৰ কৰ্মকৰ্তাসকলে এই কাৰ্যসূচীত অংশ লৈ নলবাৰীত ভালেকেইটা পৰিয়ালৰ কাষলৈ যায়।

নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাৰ ঘৰলৈ গৈ জিলাখনৰ বিজেপি নেতৃত্বই তেওঁৰ হাতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দুখন পত্ৰ প্ৰদান কৰে।

লগতে বিজেপি চৰকাৰৰ কামকাজৰ খতিয়ান থকা এখন পুস্তিকাও প্ৰদান কৰে নলবাৰী জিলা সাহিত্য সভাৰ সভাপতিগৰাকীক।

নলবাৰীত এই কাৰ্যসূচী মঙ্গলবাৰে পুৱা ১১.৩০ বজাৰ পৰা বালিলেচাত আৰম্ভ কৰা হয়।

স্থানীয় বিধায়ক অশোক শৰ্মাই জানিবলৈ দিয়া মতে, সমষ্টিটোত তেওঁলোকে ৩০ হেজাৰ পৰিয়ালৰ কাষলৈ যোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here