বাক্সাৰ শান্তিপুৰত এগৰাকী অসহায় বৃদ্ধাৰ কৰুণ গাথাঁঃ মনোমতী বৈশ্যৰ ওচৰত খৱৰ ল’বলৈ নাই কোনো

প্ৰাগজ্যোতিষ বাৰ্তা, নলবাৰীৰ পৰা কুলদীপ গৌতম শৰ্মা, ১৭ জুনঃ বিটিএডিত হাগ্ৰামা মিহিলাৰী নেতৃত্বাধীন বিপিএফে সোতৰ বছৰে ক্ষমতা দখল কৰিলে। আগন্তুক বিটিচি নিৰ্বাচনত বিপিএফে ৰাইজৰ ওচৰ চাপিব উন্নয়নৰ শ্লʼগানেৰে।

বিটিএডিৰ বাক্সা জিলাৰ বাগানপাৰাৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত শান্তিপুৰ মিলন চুবুৰীৰ এগৰাকী সত্তৰৰ ঊৰ্ধৰ বৃদ্ধা।নাম মনোমতী বৈশ্য।

অকলশৰীয়া বৃদ্ধাগৰাকী থাকে এই জুপুৰীটোত।খুজি-মাগি খোৱা বৃদ্ধাগৰাকীৰ নাই বিপিএল কাৰ্ড।

শান্তিপুৰ ভিচিডিচিৰ অন্তৰ্গত এইগৰাকী বৃদ্ধাই আজিলৈকে নাপালে ইন্দিৰা আৱাস যোজনাৰ ঘৰ।

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অনাময় আঁচনিৰ শৌচালয় এটিও পোৱাৰ সৌভাগ্য নোহোৱা বৃদ্ধাগৰাকীৰ পানীটুপি খাবলৈও নাই এটি দমকল।

উজলা আঁচনিয়েও ঢুকি নোপোৱা এই নিঃকিন মহিলাগৰাকীয়ে খৰিৰ অভাৱত আনৰ বাৰীৰ পৰা বুটলি অনা তামোলৰ ঢকুৱাৰেহে ভাতমুঠি সিজায়। বৃদ্ধাগৰাকীয়ে সত্তৰ ৰছৰতো নাপালে বৃদ্ধ পেঞ্চন।

চকুমেল খাব কেতিয়া প্ৰশাসনৰ!

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here