প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনোজ ডেকা, ২০ জুনঃ বিশ্ব সন্ত্ৰাস সৃষ্টি কৰা ক’ৰ’ণা ভাইৰাছৰ বাবে শুক্লেশ্বৰ দেৱলয়ত জুলাই মাহত অনুষ্ঠিত হ’বলগীয়া বোল-বমৰ সকলো কাৰ্য্যসূচী বাতিল কৰা হয়৷
আজি পানবজাৰ স্হিত শুক্লেশ্বৰ দেৱালয়ৰ প্ৰাংগণত অনুষ্ঠিত এক সংবাদ মেলত মন্দিৰ পৰিচলনা সমিতিৰ কাৰ্যকৰী সভাপতি সুৰেশ চন্দ্ৰ ভট্টাচাৰ্যই সদৰী কৰে৷
তেওঁ লগতে কয় যে বোল’বমৰ সময়ত শুক্লেশ্বৰ দেৱালয়, বশিষ্ঠ দেৱালয়, জনাৰ্দ্দন দেৱালয় আৰু বানেশ্বৰ দেৱালয়ত যঠেষ্ট ভক্তৰ ভীৰ দেখা যায় ৷
সেইবাবেই আটাইকেইখন দেৱালয়ৰ সমিতিৰ আলোচনা মৰ্মে বোল-বমৰ সকলো কাৰ্যসূচী বাতিল কৰা হৈছে৷ অসমীয়া শাওন মাহৰ প্ৰতিটো ৰবিবাৰত নিশা বশিষ্ট দেৱালয়ৰ বোৱতী বশিষ্ট গংগাৰ পবিত্ৰ জল আহৰণ কৰি প্ৰতি সোমবাৰে কাহিলিপুৱাতে শুক্লেশ্বৰ শিবলিংগত অৰ্পন কৰাৰ অৰ্থে দুই তীৰ্থ স্হানত হাজাৰ হাজাৰ ভক্তৰ সমাগম হয়৷
এই পৰিপেক্ষিতত ক’ৰ’ণা ভাইৰাছৰ বিজানু সংক্ৰমন ৰোধ কৰিবলৈ চৰকাৰে বলৱৎ কৰা নিয়মাৱলীসমূহ মানি চলা সম্ভব ন’হব৷ইয়াৰ বাবেই গণ সংক্ৰমন হোৱাৰ আশাংকা অধিক বুলি বিবেচিত হৈছে৷
এইক্ষেত্ৰত সকলো দিশ চালিজাৰি চাই দেৱালয় কৰ্তৃপক্ষই বোল-বমৰ সকলো কাৰ্যসূচী বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে বুলি ভট্টাচাৰ্যই উল্লেখ কৰে৷
উল্লেখ্য যে সংবাদ মেলখনত সম্পাদক ভূপেশ শৰ্মা, বানেশ্বৰ দেৱালয়ৰ সম্পাদক প্ৰানৱ গোশ্বামী, বশিষ্ঠাশ্ৰম দেৱালয়ৰ সম্পাদক অমিয় শৰ্মা, জনাৰ্দন দেৱালয়ৰ কুমুদ শৰ্মা উপস্থিত থাকি সংবাদ মেলত সহযোগ কৰে৷