মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ নিৰ্দেশত তৎপৰতা গুৱাহাটী পৌৰনিগমৰঃ জি এম চিৰ টেংকাৰেৰে পানী যোগান ধৰিলে ৰাইজক

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনোজ ডেকা, ২০ জুনঃ গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ এক নিৰ্দেশ মৰ্মে বৃহস্পতিবাৰৰ পৰা গুৱাহাটী পৌৰনিগমে টেংকাৰেৰে ৰাইজৰ মাজত পানী যোগান ধৰে৷

জানিব পৰা মতে মহানগৰীৰ শিলপুখুৰী- চানমাৰি কলনি পেঞ্চন পাৰা, মিলন পুৰ, কৃষনগৰকে ধৰি কেইবাটাও অঞ্চলত ১৮-১৯ জুন তাৰিখে পৌৰনিগমে টেংকাৰৰে ৰাইজৰ মাজত পানী যোগান ধৰে৷ উল্লেখ্য যে চলিত মাহৰ প্ৰথম সপ্তাহৰ পৰা মহানগৰীৰ উজানবজাৰ স্হিত সাত পুখুৰী পানী শোধন কেন্দ্ৰৰ এটি পাম্প বিকল হয়৷ ইয়াৰ বাবে ৰাইজক পানী যোগান ধৰাৰ ক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীন হৈছিল গুৱাহাটী পৌৰ নিগম কৰ্তীপক্ষই৷

তাৰ মাজতো বিকল্প প্ৰকাৰে সময়ে সময়ে ৰাইজৰ মাজত পাইপৰে পানীযোগান ধৰি আহিছে৷ এইক্ষেত্ৰত একাংশ ৰাইজে নিয়মীতভাৱে পানী নোপোৱাৰ অভিযোগ দিয়ে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ওচৰত৷

গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ৰাইজৰ অভিযোগ গুৰুত্ব সহকাৰে লৈ আয়ুক্ত দেৱজ্যোতি হাজৰিকা আৰু অধিক্ষক অভিযন্তা মনোৰঞ্জন ভৰালীৰ লগত আলোচনা কৰে৷

যেতিয়ালৈকে পানীৰ পাম্পটো মেৰামতি সম্পূৰ্ণ নহয়, সেই সময়ত ৰাইজৰ সুবিধাৰ বাবে মন্ত্ৰীগৰাকীয়ে স্হানীয় ৰাইক গাড়ীৰে হ’লেও পানী যোগান ধৰিবলৈ নিৰ্দেশ দিয়ে পৌৰনিগমক৷

মন্ত্ৰীগৰাকীৰ নিৰ্দেশ পায় বৃহস্পতিবাৰৰ পৰা বৃহত্তৰ অঞ্চলবাসী ৰাইজৰ মাজত গাড়ীৰে পানী যোগান ধৰাৰ কথা জানিবলৈ দিয়ে অধীক্ষক অভিযন্তা মনোৰঞ্জন ভৰালীয়ে৷

তেওঁ লগতে কয় সাতপুখুৰী পানী কলৰ চাৰিটা পাম্পৰ এটি পাম্প বিকল হয়৷ সেইবাবেই কিছু পানী যোগানত অসুবিধা হৈছে ৷

তথাপি এদিনৰ মূৰে মূৰে হ’লেও অঞ্চলবাসী ৰাইজক পানী যোগান ধৰা হৈছে ৷তাৰ মাজত কিছুসংখ্যক ৰাইজে হয়তো প্ৰয়োজনীয় ভাবে পানী পোৱা নাই৷

সেইবাবেই মন্ত্ৰীগৰাকীৰ নিৰ্দেশ পাই পৌৰনিগমৰ ফালৰ পৰা তাৎক্ষণিকভাৱে গাড়ীৰে হ’লেও পানী যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here