নলবাৰী ধমধমাত পুনৰ কʼভিড-১৯ত আক্ৰান্ত এজন

প্ৰাগজ্যোতিষ বাৰ্তা, নলবাৰীৰ পৰা কুলদীপ গৌতম শৰ্মা, ২০ জুনঃ ধমধমৰ পশ্চিম মহিনাত চিনাক্ত কৰা হৈছে কʼভিড-১৯ত আক্ৰান্ত এজন যুৱকক।

কৰ্ণাটকৰ পৰা অহা যুৱকজনৰ নাম চহিদ বড়ো। বাক্সা জিলাৰ ক্ষেত্ৰাপাৰাৰ যুৱকজনক স্বাস্থ্য বিভাগে হোম কোৱাৰেন্টাইনলৈ পঠিওৱাত পশ্চিম মহিনাৰ এখন বিদ্যালয়ত আছিল যদিও কালি নিশা যুৱকজন কʼভিড – ১৯ত আক্ৰান্ত বুলি নিশ্চিত হয় ।

কোৱাৰেন্টাইন শিবিৰত কৰা পৰীক্ষাৰ ফলাফল অহাৰ পূৰ্বেই কোৱাৰেন্টাইনৰ পৰা হোম কোৱাৰেন্টাইনলৈ এনেদৰে প্ৰেৰণ কৰা কাৰ্যই ধমধমা অঞ্চলত ক’ৰ’ণাৰ গণসংক্ৰমণ ঘটাব বুলি অঞ্চলবাসী শংকিত হৈ পৰিছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here