শৰণীয়া কছাৰী জনগোষ্ঠীৰ ওপৰত গৱেষণা কৰি পি এইচ ডি লাভ গীতুৰাণী কলিতাৰ

প্ৰাগজ্যোতিষ বাৰ্তা, নলবাৰীৰ পৰা কুলদীপ গৌতম শৰ্মা, ২০ জুনঃ অসমৰ অন্যতম জনগোষ্ঠী শৰণীয়া কছাৰী জনগোষ্ঠীৰ ওপৰত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰিছে নলবাৰীৰ গীতুৰাণী কলিতাই ।

তেজপুৰ বিশ্ববিদ্যালয়ৰ caltural studies Depttৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা গীতুৰাণী কলিতাই গুৱাহাটী বিশ্ববিদ্যালয়ত ড° অনিল বড়োৰ তত্ত্বাৱধানক Folklore and Identity: A study of the sarania kachari বিষয়বস্তুৰ ওপৰত গৱেষণা কৰি পি এইচ ডি ডিগ্ৰী লাভ কৰিছে ৷

দীৰ্ঘদিনীয়া গৱেষণাৰ অন্তত পি এইচ ডি ডিগ্ৰী লাভ কৰা ড° গীতুৰাণী কলিতা হ’ল শৰণীয়াসকলৰ বিষয়ে গৱেষণা কৰি বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি ডিগ্ৰী লাভ কৰা প্ৰথম গৰাকী ব্যক্তি ৷

শৰণীয়া কছাৰী জনগোষ্ঠীৰ ওপৰত গৱেষণা কৰি পি এইচ ডি ডিগ্ৰী লাভ কৰা গীতুৰাণী কলিতাক অভিনন্দন জনাইছে সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থা, শৰণীয়া কছাৰী সাহিত্য সভা, শৰণীয়া কছাৰী সন্মিলনী ,অসমকে ধৰি কেইবাটাও সংগঠনে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here