নলবাৰীত বীৰ জোৱানলৈ শ্ৰদ্ধাঞ্জলি বিজেপিৰ

প্ৰাগজ্যোতিষ বাৰ্তা, নলবাৰীৰ পৰা কুলদীপ গৌতম শৰ্মা, ২০ জুনঃ ভাৰতীয় জনতা পাৰ্টি পূৱ নলবাৰী মণ্ডলৰ উদ্যোগত যোৱা ১৬ তাৰিখে ৰাতি ভাৰত চীন সীমান্তত সংঘটিত হোৱা যুদ্ধত ভাৰতীয় বীৰ জোৱানসকলৰ যিসকলে দেশৰ হকে আত্মবলিদান দিলে সেইসকলৰ স্মৃতিত আজি মণ্ডল কাৰ্যলয়ত এক শ্ৰন্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়।

উক্ত কাৰ্যসূচীত নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মা, নলবাৰী জিলা পৰিষদৰ সভাপতি নিতুল ডেকা, পূৱ নলবাৰী আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী কল্পনা কলিতা, মণ্ডল সভাপতি প্ৰতুল কলিতা, সাধাৰণ সম্পাদক ভূপেন ডেকা, বিনোদ তালুকদাৰ লগতে নলবাৰী জিলা বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য অপূৰ্ব কুমাৰ শৰ্মা, দেবজিৎ গোস্বামী, ৰাজ্যিক আই.টি.চেলৰ সদস্য প্ৰিয়াংকু নাৰায়ণ বৰুৱা, ভাৰতীয় জনতা যুৱ মৰ্চাৰ পূৱ নলবাৰী মণ্ডল সমিতিৰ সভাপতি পৰাগ চক্ৰৱৰ্তী, সাধাৰণ সম্পাদক অঞ্জন শৰ্মা, হিৰক জ্যোতি দাস, নিহাৰ ভৰালী সমন্বিতে ৪নং পঞ্চায়তৰ সভাপতি তপন শৰ্মা,৮ নং পঞ্চায়তৰ আঞ্চলিক সদস্য হিতেশ তালুকদাৰ, ৯ নং পঞ্চায়তৰ আঞ্চলিক সদস্য জয়দেৱ দাস লগতে জিলা আৰু মণ্ডলৰ বিষয়ববীয়াসকল উপস্থিত থাকে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here