শিৱসাগৰত অসম নাট্য সন্মিলনৰ উদ্যোগত অনুষ্টুপীয়াকৈ ৰাভা দিৱস উদ্‌যাপন

প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মা, ২২ জুনঃ অসম সাহিত্য সভাৰ পাছতেই অসমৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান অসম নাট্য সন্মিলন শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু মূলাগাভৰু শাখাৰ সহযোগত সৰ্বহাৰা জনতাৰ প্ৰাণস্বৰূপ সৈনিকশিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫১ সংখ্যক স্মৃতি দিৱসটি চৰকাৰী নীতি-নিৰ্দেশনাক মান্যতা প্ৰদান কৰি সীমিত সদস্যৰ উপস্থিতিৰে অনুষ্টুপীয়াকৈ শিৱসাগৰ নাট্যমন্দিৰ প্ৰাংগণত উদ্‌যাপন কৰা হয়।

দিৱসৰ প্ৰথম কাৰ্য্যসূচী অনুসৰি পতাকা উত্তোলন কৰে নাট্য সন্মিলনৰ জিলা সভাপতি ৰূপক ভূঞাই৷ আনহাতে স্মৃতি তৰ্পণ কৰে সৌমাৰপীঠ মণ্ডলৰ সম্পাদক দীপক কলিতা আৰু জিলা উপ-সভানেত্ৰী লক্ষীমণি বড়াই। 

অসম নাট্য সন্মিলন, শিৱসাগৰ জিলাৰ সম্পাদক প্ৰশান্তজিৎ চেতিয়াই পৰিচালনা কৰা সভাখনত সভাপতিত্ব কৰে সভাপতি ৰূপক ভূঞাই৷

স্মাৰক বক্তৃতা অনুষ্ঠানৰ আদৰণি ভাষণ আগবঢ়াই বিশিষ্ট শিক্ষাবিদ তথা মূলাগাভৰু শাখাৰ সভানেত্ৰী মণিকা শইকীয়াই৷

উক্ত অনুষ্ঠানত আমন্ত্ৰিত বক্তাৰূপে উপস্থিত থাকি সৈনিকশিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ ওপৰত স্মাৰক বক্তৃতা প্ৰদান কৰে নিবন্ধকাৰ চামচুল বাৰিকে।

অনুষ্ঠানত উপস্থিত থাকে সৌমাৰপীঠ মণ্ডলৰ সাংগঠনিক সম্পাদক খুনজুৰাজ, জিলাৰ উপ-সভানেত্ৰী পদ্মা লাহন চেতিয়া, জিলাৰ সহকাৰী সম্পাদকদ্বয় নিৰ্মলা দাস আৰু মানস দত্ত বৰুৱা, জিলা সাংগঠনিক সম্পাদিকা অংকুৰীমা বৰুৱা, কোষাধ্যক্ষ আকিবুজ জামানৰ লগতে জিলাৰ প্ৰাক্তন সম্পাদক সঞ্জীৱ বৰা আদি৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here