সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটীতো চি পি আই (এম)ৰ প্ৰতিবাদী কাৰ্যসূচী

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটীৰ পৰা মনীষা শৰ্মা, ২৩ জুনঃ আজি সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটীৰ টি চি স্কুলৰ সন্মুখতো চি পি আই (এম) দলে লক ডাউনৰ বিধি ব্যৱস্থা মানি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

চৰকাৰক আয়কৰ দিব নলগা প্ৰতিটো পৰিয়ালক কমপক্ষেও তিনি মাহলৈকে প্ৰতিমাহে ৭৫০ টকাকৈ সাহায্য প্ৰদান কৰা, প্ৰতিটো পৰিয়ালক জনমূৰি ১০ কেজিকৈ চাউল আৰু আটা,চেনি,দালি,নিমখ আদি পৰ্যাপ্ত পৰিমাণে যোগান ধৰা, ‘কনটেইনমেন্ট জ’ন’ত পৰ্যাপ্ত খাদ্যসামগ্ৰী আৰু অন্যান্য নিত্যব্যৱহাৰ্য সামগ্ৰী যোগান ধৰাৰ, আয়কৰৰ আওতাত নপৰা কনটেইনমেন্ট হৈ থকা সময়ত বিনামূলীয়াভাৱে খাদ্যসামগ্ৰী যোগান ধৰা, শ্ৰম আইন সংস্কাৰৰ নামত শ্ৰমিকৰ কামৰ সময় ১২ ঘন্টালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত বাতিল কৰাৰ দাবীত এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে দলটোৱে।

আজি দিনৰ ১১বজাত দলটোৰ অৰ্ধশতাধিক কৰ্মী গুৱাহাটী ক্লাৱত মিলিত হয় আৰু হাতে হাতে প্লে’কাৰ্ড,বেনাৰ লৈ শাৰীৰিক দূৰত্ব মানি বিক্ষোভ প্ৰদৰ্শন কৰে।

উল্লেখযোগ্য যে- কেন্দ্ৰৰ মোডী চৰকাৰে কোভিড-১৯ ৰে মোকাবিলাৰ নামত যোৱা মাৰ্চ মাহৰ শেষৰ সপ্তাহৰ পৰা কোনো পূৰ্ব প্ৰস্তুতি অবিহনে হঠাৎ লকডাউন ঘোষণা কৰাৰ ফলত আমাৰ ৰাজ্যখনৰ জনসাধাৰণো অভূতপূৰ্ব সংকটৰ সন্মুখীন হৈছে।

বিশেষকৈ নিম্ন আয়ৰ পৰিয়ালবোৰে অবৰ্ণনীয় দুখ-দুৰ্দশাৰ মাজত জীৱন অতিবাহিত কৰিব লগীয়া হৈছে। এনে দুৰ্যোগকালত সংকটজৰ্জৰ জনসাধাৰণক সকাহ দিয়াৰ বাবে চৰকাৰে ওপৰোক্ত দাবীসমূহ অতি শীঘ্ৰে পূৰণ কৰা উচিত।

কিন্তু চৰকাৰে এইক্ষেত্ৰত কোনো গুৰুত্ব দিয়া নাই। প্ৰতিটো পৰিয়ালক (ৰেচনকাৰ্ড বিহীন) জনমূৰি পাঁচ কেজিকৈ চাউল দিয়াৰ ক্ষেত্ৰত স্বজন-তোষণ কৰাৰ লগতে ব্যাপক অংশৰ ৰাইজক ইয়াৰ পৰা বঞ্চিতহে কৰিছে।

আনহাতে শ্ৰমিকশ্ৰেণীৰ ওপৰত মাধমাৰ সোধাই কামৰ সময় ৮ ঘন্টাৰ পৰা ১২ ঘন্টালৈ বৃদ্ধি কৰিছে।

দলটোৱে চৰকাৰক এনে সিদ্ধান্ত অতি শীঘ্ৰে প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছে।

ঠিক তেনেদৰে কনটেনমেন্ট জ’নত মানুহে খাদ্যসামগ্ৰী আৰু অন্যান্য নিত্যপ্ৰয়োজনীয় সামগ্ৰীৰ অভাৱত ভুগিছে।

লগতে এই কনটেনমেন্ট জ’নত আয়কৰ আওতাত নপৰা পৰিয়ালসমূহে এইক্ষেত্ৰত বেছি অসুবিধাৰ সন্মূখীন হৈছে,সেয়ে তেওঁলোকে পৰ্যাপ্ত পৰিমানে খাদ্যসামগ্রী আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী বিনামূলীয়াভাৱে দিয়াৰ ব্যৱস্থা কৰাৰ বাবে দলটোৱে আজিৰ এই প্ৰতিবাদৰ জৰিয়তে চৰকাৰক দাবী জনাইছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here