বিপিএফ মুৰ্দাবাদ ধ্বনিৰে উত্তাল আঙাৰকাটা পলাশবাৰীঃ অভিযোগ- প্ৰতি অভিযোগেৰে আত্মমপক্ষ সমৰ্থনৰ প্ৰচেষ্টা বিপিএফৰ

প্ৰাগজ্যোতিষ বাৰ্তা, বাক্সা, ২৪ জুনঃ কভিড -১৯ প্ৰতিৰোধৰ বাবে সমগ্র দেশ তথা ৰাজ্যজুৰি লকডাউন আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত ৪ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া বিটিচি পৰিষদীয় নিৰ্বাচন হঠাৎ স্থগিত ৰাখিবলগীয়া হৈছিল। শেহতীয়া ভাৱে লকডাউনৰ কিছু পৰিমাণে শিথিলতাৰ সুযোগ গ্ৰহণ কৰি বিটিচিত বিভিন্ন ৰাজনৈতিক দলে নিজৰ নিজৰ ৰাজনৈতিক তৎপৰতা প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে।

ইয়াৰ লগে লগে ৰাজনৈতিক দলসমূহৰ মাজত অভিযোগ-প্ৰতি অভিযোগে উত্তাল কৰি তুলিছে সমগ্র বিটিচিৰ বতাহ।

শেহতীয়া ভাৱে তামুলপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত দৰঙ্গাজুলি পৰিষদীয় সমষ্টিৰ অধীনৰ আঙাৰকাটা পলাশবাৰী অঞ্চলত বিপিএফ আৰু বিজেপি দলৰ পতাকা অৰাক লৈ উত্তাল হৈ পৰিছে সমগ্র দৰঙ্গাজুলি পৰিষদীয় সমষ্টি।

দৰঙ্গাজুলি মণ্ডল বিজেপিৰ সম্পাদক সুকুৰঞ্জন মণ্ডলৰ নেতৃত্বত আজি বহু সংখ্যক বিজেপি সদস্যই বিপিএফ মুৰ্দাবাদ, ইমানুৱেল মছাহাৰী জিন্দাবাদ, দেবেন বড়ো জিন্দাবাদ ধ্বনি দি পৰিবেশ উত্তাল কৰি তোলে।

বিজেপিৰ নেতৃত্বই কয় যে অলপতে আঙাৰকাটাত বিজেপিৰ পতাকাৰ ওপৰত বিপিএফৰ সমৰ্থক মাধৱ মণ্ডলে কেইখনমান পতাকা আৰি দিয়াত এইলৈ তেওঁ প্ৰত্যক্ষভাৱে মাধৱ মণ্ডলক এনে অশোভনীয় কাৰ্যৰ পৰা বিৰত থাকিবলৈ আহ্বান জনোৱাৰ লগতে বিপিএফৰ পতাকা সমূহ আঁঁতৰাই দিবলৈ আহ্বান জনায়।

দুদিন মান পলমকৈ হ’লেও মাধৱ মণ্ডলে পতাকাসমূহ আঁঁতৰাই পেলাব বুলি প্ৰতিশ্ৰুতি দিয়ে। কিন্তু এনে সময়তে বাঙালী ফেডাৰচনৰ কুমাৰীকাটা আঞ্চলিকৰ সভাপতি মহেন্দ্ৰ ৰয়ে তেওঁৰ সহযোগী কেইজনমান বিপিএফৰ সমৰ্থকক লগত লৈ দেওবাৰে তামুলপুৰৰ সাংবাদিকক মাতি আনি ভুলব্যাখ্যা দাঙি ধৰে ।

অকল সেয়ে নহয় অযথা তামুলপুৰ সমষ্টিৰ বিধায়ক ইমানুৱেল মছাহাৰী আৰু দৰঙ্গাজুলি পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী দেৱেন বড়োৰ নামটো সাঙুৰি তেওঁ লোকক হেয় প্ৰতিপন্ন কৰি বাতৰি সম্প্ৰচাৰ কৰে। অকল এয়ে নহয় মহেন্দ্ৰ ৰয়ে ইমানুৱেল মছাহাৰীৰ নামটো সাঙুৰি পাকে প্ৰকাৰে ইমানুৱেল মছাহাৰীয়ে অঞ্চলটোত একো উন্নয়নমূলক কাম নকৰাৰ অভিযোগ কৰে ।

দৰঙ্গাজুলি মণ্ডল বিজেপিৰ সম্পাদক সুকুৰঞ্জন মণ্ডলে কয় যে ইমানুৱেল মছাহাৰীয়ে খোৱা পানীৰ সমস্যাকে ধৰি ৰাইজৰ খেতি পথাৰৰ পানীৰ সমস্যা সমূহ দূৰ কৰি ৰাইজক উপকৃত কৰাৰ পিছতো মহেন্দ্ৰ ৰয়ে ভূৱা প্ৰচাৰত উঠি পৰি লাগি বিধায়কজনক হেয় প্ৰতিপন্ন কৰিবলৈ ওলোৱাটো বিভ্ৰান্তিজনক আৰু দূৰ্ভাগ্যজনকো।

বিজেপিৰ সদস্য সকলে অভিযোগ কৰা মতে বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কুমাৰীকাটা আঞ্চলিকৰ সভাপতি মহেন্দ্ৰ ৰয়ে নিজৰ লাভালাভৰ বাবে বাঙালী জাতিক ৰাজনৈতিক মেৰপেচত পেলাবলৈ বিচাৰিছে। তেওঁলোকে তেওঁক এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here