মাজবাটৰ ২ নং কাদাবিলত ভুটিয়া নদীৰ খহনীয়াই উটুৱাই নিলে ঘৰ-খেতি পথাৰঃ পগলা নদীৰ বাঢ়নী পানীয়ে উটুৱাই নিলে বাঁহৰ দলং-যোগাযোগ বিছিন্ন

প্ৰাগজ্যোতিষ বাৰ্তা, মাজবাটৰ পৰা যতীন নাথ, ২৯ জুনঃ মাজবাটৰ ২ নং কাদাবিল গাঁৱত ভুটিয়ামাৰী নদীৰ গঢ়া খহনীয়া হৈ খনীন্দ্ৰ নেৱাৰৰ দুটা ঘৰ , বাৰিৰ টামোল গছ , বাঁহৰ চোপ আৰু প্ৰায় ছয় বিঘা খেতি পথাৰ নদীৰ বুকুত জাহ যায়।

খহনীয়াই মাজবাট জিঙাবিল পথটোৰো একাংশ খহাই নিয়ে । খহনীয়াৰ বাবে পথৰ দাঁতিত থকা বিদ্যুতৰ তাঁৰ সমূহ ৰাইজে খুলি দিয়াত বৰ্তমান অঞ্চলটোত বিদ্যুৎ সেৱা ব্যাহত হৈ আছে।

যিকোনো মুহূৰ্তত নৈখনৰ গঢ়াখহনীয়াই পথটো খহাই নিব পাৰিলেই উক্ত গাওঁখনলৈ ভাবুকিৰ সৃষ্টি কৰিব।

এইক্ষেত্ৰত ৰাইজে খৰালি কালতে স্থানীয় বিধায়ক চৰণ বড়ো আৰু বি টি চিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য শ্যাম চুণ্ডীক কেইবাবাৰো অবগত কৰিছিল যদিও জনপ্ৰতিনিধি দুজনে ৰাইজৰ সমস্যাৰ প্ৰতি কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰা বুলি ৰাইজে সাংবাদিকৰ আগত ক্ষোভেৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

ইফালে মাজবাটৰ ফুলগুৰি-বামুনীগাওঁ সংযোগী পগলা নদীৰ ওপৰত থকা একমাত্ৰ বাঁহৰ দলংখনো পুৱতি নিশা উটুৱাই নিয়ে।

ফলত প্ৰায় দহখন গাঁৱৰ ৰাইজৰ যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিছে। আনহাতে মাজবাট নগৰৰ কাষেৰে বৈ যোৱা গেলদাংগা জানটোৰ বাঢ়নী পানীয়ে অঞ্চলটোৰ বিষ্ণু নগৰ, ষ্টেচন ৰোড আদি বুৰাই পেলোৱাত অঞ্চলবাসী ৰাইজ কৃত্ৰিম বানপানীৰ কৱলত পৰিছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here